NORTHEAST NOW (Assamese)

গেংটকক ২০২২ চনৰ ভিতৰত ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ যো-জা

July 25, 2019 4:51 pm · এন ই নাও নিউজ
Updated: July 25, 2019 6:07 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতীয় ৰে’লৱে ২০২২ চনৰ ভিতৰত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীসমূহক ৰে’ল যাতায়তৰে সংযোগ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে।

ৰে’ল বিভাগে এতিয়াৰে পৰা তিনিবছৰৰ ভিতৰত ছিকিমক ৰে’ল মানচিত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে যোজনা তৈয়াৰ কৰিছে।

বৰ্তমানলৈ উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে অসম, অৰুণাচলপ্ৰদেশ আৰু ত্ৰিপুৰাৰ ৰাজধানী চহৰক ব্ৰদগজ ৰেলসেৱাৰ দ্বাৰা ইখনৰ লগত সিখনক সুন্দৰকৈ সংযোগ কৰা হৈছে।

আনহাতে, ব্ৰদগজ সেৱাৰ দ্বাৰা শ্বিলং, ইম্ফল, কোহিমা আৰু আইজলক সংযোগ কৰাৰ বাবে কাম চলি আছে। ২০২০ চনৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ৰে’ল বিভাগৰ দ্বাৰা প্ৰকাশ কৰা অনুসৰি ছিকিমত ভূমি অধিগ্ৰহণ ইচ্ছ্যুৰ বাবে কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত পলম হৈছে।

এক সূত্ৰত উল্লেখ কৰা অনুসৰি, চিভোগ আৰু ৰংপো সংযোগী ব্ৰদগজ ৰে’লসেৱা প্ৰকল্পৰ কাম ২০০৮-০৯ চনতে আবন্তন জনোৱা হৈছিল যদিও ভূমি অধিগ্ৰহণৰ বাবে সমগ্ৰ প্ৰকল্পটো পিছুৱাই গৈছে।

ৰে’লৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত সমগ্ৰ প্ৰকল্প সম্পূৰ্ণ কৰা হ’ব বুলি আশাবাদী হৈ আছে।

Related News