বৰ্তমান সময়ত বেছিভাগ বেকিং চাৰ্ভিছ মোবাইল ফোনত উপলব্ধ হৈছে।
এইক্ষেত্ৰত ব্যৱহাৰকাৰীক অনলাইন আদান-প্ৰদানৰ বাবে অ’ৱান টাইম পাছৱৰ্ড (অ’ টি পি), ইউনিক ৰেজিট্ৰেশ্যন নম্বৰ (য়ু আৰ এন), থ্ৰী ডি চিকিউৰিটি কোডৰ বাবে পঞ্জীয়নভূক্ত ফোন নম্বৰৰ দৰকাৰ হয়।
অনলাইন বেংকিং সেৱাৰ সময়ত ভুৱা চিম কাৰ্ডৰ ক্ষেত্ৰত সচেতন হোৱা দৰকাৰ। অলপতে উপ্পলৰ এগৰাকী নাগৰিকৰ নিজৰ একাউণ্টৰ পৰা ২৫ লাখ টকা নোহোৱা হয় যাৰ বিষয়ে তেওঁ মুঠেই অৱগত নাছিল।
বিভাগীয় চাইবাৰ ক্ৰাইম বিষয়া এগৰাকীৰ মতে, ভুৱা চিম কাৰ্ডৰ যোগেৰে এই ধনখিনি সৰকাই নিছে ইয়াৰ বাবে তেওঁলোকে অনলাইন বেংকিং সেৱা ব্যৱহাৰকাৰী সকলৰ নাম, জন্মৰ তাৰিখ, স্থায়ী ঠিকনা আৰু ফোন নম্বৰ মালৱেৰ অথবা ট্ৰোজানৰ দ্বাৰা সংগ্ৰহ কৰি লয়।
এই তথ্যখিনি সংগ্ৰহ কৰাৰ পাছত ভুৱা চক্ৰটোৱে পুৰণি নম্বৰটো বেয়া হোৱা বুলি কৈ একে নম্বৰৰ নতুন চিম কাৰ্ডৰ বাবে আবেদন কৰে।
নতুন চিমকাৰ্ডখন উপলব্ধ হোৱাৰ পাছতে মোবাইল সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানটোৱে পুৰমি চিমকাৰ্ডখন বন্ধ কৰি দিয়ে।
পুৰণি চিম কাৰ্ডখন বন্ধ কৰি দিয়াৰ পাছতে যিগৰাকী লোকৰ প্ৰকৃততে অনলাইন বেংকিং সেৱা সক্ৰিয় কৰা থাকে তেওঁৰ মোবাইলত অ’ টি পি অহা বন্ধ হয় আৰু ভুৱা চক্ৰৰ মোবাইলতহে সেই অ’ টি পি আহে যাৰদ্বাৰা তেওঁলোকে সেই অ’ টি পি ব্যৱহাৰ কৰি টকা সৰকাই নিবলৈ সক্ষম হয়।