ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ অন্যান্য লক্ষণ সমূহৰ ভিতৰত ঘ্ৰাণ শক্তি লোপ পোৱাটোও এটা।
কেৱল ক’ৰ’ণাই নহয়, আন কেতবোৰ ৰোগত আক্ৰান্ত হ’লেও মানুহৰ ঘ্ৰাণ শক্তি হ্ৰাস পাব পাৰে।
বিশেষকৈ চৰ্দি লাগিলেও আমি যি কোনো বস্তুৰেই গোন্ধ নোপোৱা হৈ পৰো ।
যি কি নহওঁক, এতিয়া যিহেতু ক’ৰ’ণা ভাইৰাছে কালান্তক ৰূপ ধাৰণ কৰাৰ সময় সেয়ে কোনো বস্তুৰ গোন্ধ নোপোৱা যেন হ’লেই আমাৰ মনলৈ পোনচাটেই আহে ক’ৰ’ণাৰ ভয়।
আমি কেইটামান উপায় অৱলম্বন কৰিয়েই আমাৰ ঘ্ৰাণ শক্তি বঢ়াব পাৰো।চাওঁ আহকচোন উপায় কেইটা কি—
- ঘ্ৰাণ শক্তি বঢ়াবলৈ আপুনি হাতৰ কাষতে যি পায় সেয়াই শুঙি চোৱাৰ চেষ্টা কৰক।হাতৰ কাষত থকা কিতাপ খন,গোলাপ ফুল পাহ, যি কোনো শাক-পাচলি যিহকেই পায় তাকেই শুঙি যাওঁক। এনেদৰে বস্তু শুঙি চোৱাৰ অভ্যাস বৃদ্ধি কৰিলে আমাৰ অলফেক্টৰী কলিকা সমূহ অধিক সক্ৰিয় হ’ব আৰু গোন্ধ পোৱাৰ ক্ষমতাও বৃদ্ধি পাব।
- ঘ্ৰাণ শক্তি বঢ়াবলৈ আপুনি যদি ধূমপান কৰে তেন্তে সেই অভ্যাস পৰিত্যাগ কৰিব লাগিব। গৱেষণাৰ পৰা গম পোৱা গৈছে যে যিসকল লোকে ধূমপান কৰে তেওঁলোকৰ গোন্ধৰ অনুভূতি লাভ কৰা কলিকা বোৰ দুৰ্বল হৈ পৰে।
- ঘ্ৰাণ শক্তি বৃদ্ধি কৰিবলৈ আপুনি ভিটামিন বি-১২ যুক্ত খাদ্য যেনে মাছ , কণী, গাখীৰ ,দৈ আদি প্ৰচুৰ পৰিমাণে খাওঁক। আপুনি যদি নিৰামিষভোজী হয় তেন্তে কেনেদৰে ভিটামিন বি-১২ পাব পাৰি সেই বিষয়ে অভিজ্ঞজনৰ সৈতে আলোচনা কৰক।
- আপুনি আপোনাৰ ঘ্ৰাণ শক্তি বৃদ্ধিৰ আই কিউ পৰীক্ষা কৰক। চকু মুদি বস্তুৰ গোন্ধ লওঁক আৰু সেয়া কি বস্তু চিনাক্ত কৰাৰ চেষ্ট চলাওঁক।চকুমুদি যিমানেই বেছি বস্তুৰ গোন্ধ চিনাক্ত কৰিবলৈ সক্ষম হব সিমানেই াপোনাৰ ঘ্ৰাণ শক্তিৰ আই কিউ বেছি হব।