দীপাৱলীৰ পিছদিনাই মনোৰঞ্জন জগতখনতআন এক দুঃসংবাদ। অভিনেতা-গায়ক ঋষভ টেণ্ডনৰ মৃত্যু ঘটিছে। বুধবাৰে দিল্লীত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ঋষভে।
তেওঁ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ ৰাজধানীলৈ আহিছিল। তেওঁৰ দলৰ সদস্য আৰু পৰিয়ালে ঋষভৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। ঋষভ পত্নীৰ সৈতে মুম্বাইত থাকে যদিও দীপাৱলী উপলক্ষে তেওঁ দিল্লীলৈ আহিছিল বুলি কোৱা হৈছে।
শান্ত আৰু নম্ৰ স্বভাৱৰ বাবে মনোৰঞ্জন জগতত সুপৰিচিত আছিল ফকীৰ নামেৰে পৰিচিত ঋষভ টেণ্ডন। তেওঁ কেৱল এজন প্ৰতিভাৱান অভিনেতাই নহয়, এজন প্ৰতিভাৱান গায়ক আৰু সুৰকাৰো আছিল। গায়ক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি ক্ৰমান্বয়ে অভিনয়ৰ ফালে ধাৱমান হয়। সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহে সকলোকে অনুপ্ৰাণিত কৰিছিল। তেওঁ প্ৰায়ে কৈছিল যে সংগীত তেওঁৰ জীৱনৰ আত্মা। কণ্ঠত এক মধুৰতাই হৃদয় চুই গৈছিল।
কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰিছিল ঋষভে। অভিনেত্ৰী চাৰা খানৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল এক চৰ্চাৰ বিষয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ঋষভে বিয়া কৰোৱা বুলি উৰাবাতৰি বিয়পি পৰে। যদিও ছাৰাই সেই সময়ত গোটেই বিষয়টো মিছা বুলি উলাই কৰিছিল। অৱশ্যে ঋষভৰ বিয়াৰ আগতে দুয়োৰে মাজত সম্পৰ্ক আছিল বুলি জনা যায়।
দহ মাহৰ আগতে ফেব্ৰুৱাৰী মাহত তেওঁৰ ‘ইছক ফকিৰানা’ গীতটোৱে ইতিহাস ৰচনা কৰিছিল, বহুতৰে প্ৰিয় গীত হিচাপে মিউজিক এপৰ প্লেলিষ্টত অভিলেখ গঢ়িছিল বুলি ক’লেও ভুল নহ’ব।
ঋষভে ৰাছিয়ান যুৱতী এজনীক বিয়া পাতিছিল। কামৰ জৰিয়তে তেওঁক লগ পাইছিল। এই কঠিন সময়ত ঋষভৰ পৰিয়ালে গোটেই বিষয়টো ব্যক্তিগত পৰ্যায়তে ৰাখিব বিচাৰিছে। সকলো আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱী অহাৰ পিছতহে গায়ক-অভিনেতাৰ শেষ ৰীতি-নীতি সম্পন্ন কৰা হ’ব। এই পৃথিৱীৰ পৰা তেওঁৰ অকাল বিদায়ে সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি হিচাপে পৰিগণিত হৈছে।





