• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আৰু পূৰবী ডেইৰিৰ শোষণ-বঞ্চনাত সীতাজখলাৰ অভিনৱ প্ৰতিবাদ

সীতাজখলাৰ অভিনৱ প্ৰতিবাদ : এইবাৰ মানুহৰ মাজত বিনামূল্যে বিলাই দিলে ১৬০০ লিটাৰ গাখীৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 18, 2019 10:26 pm
Krishak Sabha, Krishak Mahasabha stand with Sitajakhala milk producers' co-operative

সীতাজখলাৰ প্ৰতিবাদী দুগ্ধ উৎপাদকে সাধাৰণ লোকক বিনামূলীয়াকৈ গাখীৰ বিলোৱাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খোদ চৰকাৰেই মাধমাৰ শোধোৱাৰ অভিযোগত অসমৰ এটা লাভজনক দুগ্ধ উৎপাদন সমবায় সমিতি সীতাজখলাই কৰি থকা প্ৰতিবাদে আজি তিনিটা দিনত ভৰি দিলে।

দেশী-বিদেশী উদ্যোগীক অসমত ব্যৱসায় কৰিবলৈ উৎসাহিত কৰাৰ নামত কোটি টকাৰ বিনিয়োগ মেলা পতা চৰকাৰৰ এই থলুৱা উদ্যোগটোৰ প্ৰতি কাণসাৰ কৰিবলৈ সময় নোহোৱাত অব্যাহত আছে তেওঁলোকৰ প্ৰতিবাদ।

Apply Now

লাভজনক আৰু উৎকৃষ্ট দুগ্ধ উৎপাদন সমবায় সমিতিখনে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আৰু পূৰবী ডেইৰিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনে আৰু চৰকাৰক এইবোৰ নিৰাময় কৰিবলৈ আহ্বান জনায়।

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে সমবায় আইন উলংঘা কৰা বুলিও অভিযোগ কৰে সমবায় সমিতিখনৰ বিষয়ববীয়াই। তাৰোপৰি অসমৰ দুগ্ধ উন্নয়ন পৰিষদ গুজৰাটৰ পৰা নিয়ন্ত্ৰণ হোৱা আদি কেইবাটাও অভিযোগ আনে।

তেওঁলোকৰ সমস্যাৰ প্ৰতি চৰকাৰৰ নিস্পৃহতাৰ বিপৰীতে সীতাজখলাই প্ৰতিবাদৰ বাবে আজি অভিনৱ পন্থা লয়।

আজি সমবায় সমিতিখনে অসমৰ দুগ্ধ উন্নয়ন সঞ্চালকালয়ক গুজৰাটৰ পৰা নিয়ন্ত্ৰণ কৰা বন্ধ কৰিবলৈ চৰকাৰক দাবী তুলি প্ৰতিবাদ স্বৰূপে হাজাৰ হাজাৰ লিটাৰ গাখীৰ বিনামূলীয়াকৈ মানুহৰ মাজত বিলাই দিয়ে।

গুৱাহাটীকে ধৰি কেইবাখনো জিলাত আজি সীতাজখলাই এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পূৰ্বে ১৭ আগষ্টত সমিতিখনে জাগীৰোডৰ কিলিং নদীত হাজাৰ হাজাৰ লিটাৰ গাখীৰ পেলাই দি প্ৰতিবাদ আৰম্ভ কৰিছিল।

কিন্তু “এডভাণ্টেইজ আছাম” শ্ল’গানেৰে সৰ্ববৃহত বিনিয়োগ মেলা পতা চৰকাৰখনে শ শ লোকৰ জীৱিকা ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো কোনো খবৰ নল’লে প্ৰতিবাদকাৰীসকলৰ।

আজি প্ৰতিবাদ অব্যাহত ৰাখি জালুকবাৰীত থকা ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত চাকি জ্বলায় সীতাজখলাৰ বিষয়ববীয়াই৷

চৰকাৰে তেওঁলোকৰ সমস্যাৰ প্ৰতি মনোযোগ নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ কথা দৃঢ়তাৰে জনালে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে৷

মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবীৰে সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই কয়, “আমি শান্তিপূৰ্ণভাৱে অনিদিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। পূৰবী ডেইৰি আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগমৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ।”

চৰকাৰলৈ আহ্বান জনায় শৰ্মাই কয়, “পূৰবী ডেইৰি অসমীয়াৰ দ্বাৰা পৰিচালিত হ’ব লাগে যাতে অসমীয়া গোপালকে গাখীৰৰ ন্যূনতম সমৰ্থিত মূল্য পায়। লগতে গুজৰাটী ত্ৰিপাক্ষিক চুক্তি পৰিহাৰ কৰক, অসমে ঋণ হিচাপে লোৱা বিশ্ব বেংকৰ কোটি কোটি টকা গুজৰাটৰ অধ্যক্ষৰ নামত খৰচ কৰিবলৈ দিব নালাগে।”

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd