DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আৰু পূৰবী ডেইৰিৰ শোষণ-বঞ্চনাত সীতাজখলাৰ অভিনৱ প্ৰতিবাদ

সীতাজখলাৰ অভিনৱ প্ৰতিবাদ : এইবাৰ মানুহৰ মাজত বিনামূল্যে বিলাই দিলে ১৬০০ লিটাৰ গাখীৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 18, 2019 10:26 pm
Krishak Sabha, Krishak Mahasabha stand with Sitajakhala milk producers' co-operative

সীতাজখলাৰ প্ৰতিবাদী দুগ্ধ উৎপাদকে সাধাৰণ লোকক বিনামূলীয়াকৈ গাখীৰ বিলোৱাৰ ফাইল ছবি।

3k
VIEWS
Share on FacebookShare on Twitter

খোদ চৰকাৰেই মাধমাৰ শোধোৱাৰ অভিযোগত অসমৰ এটা লাভজনক দুগ্ধ উৎপাদন সমবায় সমিতি সীতাজখলাই কৰি থকা প্ৰতিবাদে আজি তিনিটা দিনত ভৰি দিলে।

দেশী-বিদেশী উদ্যোগীক অসমত ব্যৱসায় কৰিবলৈ উৎসাহিত কৰাৰ নামত কোটি টকাৰ বিনিয়োগ মেলা পতা চৰকাৰৰ এই থলুৱা উদ্যোগটোৰ প্ৰতি কাণসাৰ কৰিবলৈ সময় নোহোৱাত অব্যাহত আছে তেওঁলোকৰ প্ৰতিবাদ।

লাভজনক আৰু উৎকৃষ্ট দুগ্ধ উৎপাদন সমবায় সমিতিখনে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আৰু পূৰবী ডেইৰিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনে আৰু চৰকাৰক এইবোৰ নিৰাময় কৰিবলৈ আহ্বান জনায়।

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে সমবায় আইন উলংঘা কৰা বুলিও অভিযোগ কৰে সমবায় সমিতিখনৰ বিষয়ববীয়াই। তাৰোপৰি অসমৰ দুগ্ধ উন্নয়ন পৰিষদ গুজৰাটৰ পৰা নিয়ন্ত্ৰণ হোৱা আদি কেইবাটাও অভিযোগ আনে।

তেওঁলোকৰ সমস্যাৰ প্ৰতি চৰকাৰৰ নিস্পৃহতাৰ বিপৰীতে সীতাজখলাই প্ৰতিবাদৰ বাবে আজি অভিনৱ পন্থা লয়।

আজি সমবায় সমিতিখনে অসমৰ দুগ্ধ উন্নয়ন সঞ্চালকালয়ক গুজৰাটৰ পৰা নিয়ন্ত্ৰণ কৰা বন্ধ কৰিবলৈ চৰকাৰক দাবী তুলি প্ৰতিবাদ স্বৰূপে হাজাৰ হাজাৰ লিটাৰ গাখীৰ বিনামূলীয়াকৈ মানুহৰ মাজত বিলাই দিয়ে।

গুৱাহাটীকে ধৰি কেইবাখনো জিলাত আজি সীতাজখলাই এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পূৰ্বে ১৭ আগষ্টত সমিতিখনে জাগীৰোডৰ কিলিং নদীত হাজাৰ হাজাৰ লিটাৰ গাখীৰ পেলাই দি প্ৰতিবাদ আৰম্ভ কৰিছিল।

কিন্তু “এডভাণ্টেইজ আছাম” শ্ল’গানেৰে সৰ্ববৃহত বিনিয়োগ মেলা পতা চৰকাৰখনে শ শ লোকৰ জীৱিকা ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো কোনো খবৰ নল’লে প্ৰতিবাদকাৰীসকলৰ।

আজি প্ৰতিবাদ অব্যাহত ৰাখি জালুকবাৰীত থকা ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত চাকি জ্বলায় সীতাজখলাৰ বিষয়ববীয়াই৷

চৰকাৰে তেওঁলোকৰ সমস্যাৰ প্ৰতি মনোযোগ নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ কথা দৃঢ়তাৰে জনালে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে৷

মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবীৰে সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই কয়, “আমি শান্তিপূৰ্ণভাৱে অনিদিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো। পূৰবী ডেইৰি আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগমৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ।”

চৰকাৰলৈ আহ্বান জনায় শৰ্মাই কয়, “পূৰবী ডেইৰি অসমীয়াৰ দ্বাৰা পৰিচালিত হ’ব লাগে যাতে অসমীয়া গোপালকে গাখীৰৰ ন্যূনতম সমৰ্থিত মূল্য পায়। লগতে গুজৰাটী ত্ৰিপাক্ষিক চুক্তি পৰিহাৰ কৰক, অসমে ঋণ হিচাপে লোৱা বিশ্ব বেংকৰ কোটি কোটি টকা গুজৰাটৰ অধ্যক্ষৰ নামত খৰচ কৰিবলৈ দিব নালাগে।”

Recent News

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd