NORTHEAST NOW (Assamese)

ছাত্ৰক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বৰপেটাৰ চেইন্ট টেৰেছা স্কুলত উত্তপ্ত পৰিস্থিতি

November 13, 2018 7:07 am · পুলেন্দ্ৰ দাস
ঘটনাৰ পাছত সন্ধিয়া চেইন্ট টেৰেছা স্কুল। ফটো: নৰ্থইষ্ট নাও

এগৰাকী ছাত্ৰক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বৰপেটাৰ চেইন্ট টেৰেছা স্কুলত সোমবাৰে সন্ধিয়া  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে সোমবাৰে বিয়লিৰ ভাগত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাহুল আমিনক প্ৰধান শিক্ষকে প্ৰহাৰ কৰে ৷ ছাত্ৰ গৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি ছাত্ৰাবাসত থকা ছাত্ৰগৰাকীক প্ৰধান শিক্ষক গৰাকীয়ে কোনো কাৰণ নোহোৱাকৈ বেয়াকৈ প্ৰহাৰ কৰে ৷

ইয়াৰ পাছত ছাত্ৰগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি ছাত্ৰ গৰাকীৰ মাতৃয়ে জনায় ৷ বিনা দোষত এগৰাকী ছাত্ৰক বেয়াকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সন্ধিয়াৰ ভাগত বিদ্যালয় প্ৰাংগনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ খবৰ পাই বৰপেটা থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে অইন ছাত্ৰ ছাত্ৰীকো শাসনৰ নামত মাজে সময়ে বেয়াকৈ প্ৰহাৰ কৰে বুলি একাংশ ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰে ৷

কেৰেলাৰ পৰা অহা বিপিন পি এচ নামৰ প্ৰধান শিক্ষক গৰাকীক বৰপেটাৰ পৰা স্থানান্তৰ কৰাৰ দাবী জনাইছে একাংশ অভিভাৱকে ৷

Related News