শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিস্থিত ৰিয়েল বজাৰ নামৰ দোকানখনত অনা অসমীয়া ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিক্ৰী কৰি থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতে শিৱসাগৰ জিলা প্ৰশাসনে ৰিয়েল বজাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ম্যাদ উকলি যোৱা সামগ্ৰীৰ তাৰিখৰ মোহৰ ৰাসায়নিক পদাৰ্থ দি মচি পুনৰ নতুন মোহৰ লগাই গ্ৰাহকক বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল ৰিয়েল বজাৰ নামৰ দোকানখনৰ বিৰুদ্ধে।
দোকানখনৰ এজন কৰ্মচাৰীয়ে গোপন কেমেৰাত কি দৰে ৰাসায়নিক পদাৰ্থ দি ম্যাদ উকলি যোৱা সামগ্ৰীৰ মোহৰ মচি দিয়া হয় সেই দৃশ্য বন্দী কৰি ৰাখিছিল।
আনহাতে, এই ঘটনাৰ প্ৰতিবাদ কৰাৰ বাবেই দোকানখনত কৰ্মৰত এজন কৰ্মচাৰীক পাঁচদিন পূৰ্বে মাৰধৰ কৰি চাকৰিৰ পৰা খেদাই দিছিল অনা অসমীয়া ব্যৱসায়ীয়ে।
ইয়াৰোপৰি পচি যোৱা দাইল, ৰিফাইন তেল দি মচি পুনৰ বিক্ৰী কৰে বুলি জানিবলৈ দিয়ে কৰ্মচাৰীজনে।
গ্ৰাহকক খাদ্যৰ নামত বৰবিষ খুৱাই অহা এই অনা অসমীয়া ব্যৱসায়ীক ৰক্ষণা- বেক্ষণ দিয়াৰ অভিযোগ উঠিছে শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে।
চাৰিদিন পূৰ্বে ঘটনা সন্দৰ্ভত ভুক্তভোগী কৰ্মচাৰীজনে শিৱসাগৰ সদৰ থানাত এজাহাৰ দিখিল কৰিছিল যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শিৱসাগৰ আৰক্ষীয়ে।
এনে ঘটনাৰ সন্দৰ্ভত জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা, অনুসূচীত জাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন। অসমীয়া যুৱকক নিৰ্যাতন চলোৱা আৰু ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী কৰা ৰিয়েল বজাৰ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিবলৈ দাবী জনাছে।
ইপিনে, ঘটনাস্থালীত শিৱসাগৰ জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।