শিৱসাগৰত স্কাউট-গাইডৰ আজীৱন সদস্য-সদস্যা সকলক মানপত্ৰ প্ৰদান

ফটো : নৰ্থ-ইষ্ট নাও

ভাৰত স্কাউটছ এণ্ড গাইডছৰ শিৱসাগৰ জিলা প্ৰশিক্ষণ কেন্দ্ৰত আজি ভাৰত স্কাউটছ এণ্ড গাইডছৰ শিৱসাগৰ জিলাৰ আজীৱন সদস্য-সদস্যা সকলক জিলা উপায়ুক্ত তথা ভাৰত স্কাউটছ এণ্ড গাইডছৰ শিৱসাগৰ জিলা সংস্থাৰ সভাপতি বিষ্ণু কমল বৰাই মানপত্ৰ প্ৰদান কৰে।

মানপত্ৰ প্ৰদান অনুষ্ঠানটোত পতাকা উত্তোলন কৰি উপায়ুক্ত গৰাকীয়ে স্কাউট-গাইডৰ জন্মদাতা লৰ্ড বেডেন পাৱেলৰ বিষয়ে বহু কথা আলোকপাত কৰে।

তেওঁ কয় যে, স্কাউট-গাইড অনুষ্ঠানটো হৈছে শিক্ষামুলক অনুষ্ঠান। এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত উৎকৰ্ষ সাধন কৰাৰ উপৰি সমাজৰ এজন সুনাগৰিক হিচাবে গঢ় দিয়াত সহায় কৰে।

আজিৰ মানপত্ৰ প্ৰদান অনুষ্ঠানত আজীৱন সদস্য সকলে নিজ নিজ পৰিচয় ডাঙি ধৰে।

আজীৱন সদস্য সকল হৈছে– ৰিটিমা ভাগৱতী, দেৱজ্যোতি গগৈ, মহেন্দ্ৰ শৰ্মা, অশোক চুতীয়া, প্ৰফুল্ল গগৈ, ইন্দ্ৰজিৎ বৰগোঁহাই, ফজৰুল ইছলাম বৰা, অন্নপূৰ্ণা বৰগোঁহাই, পৱন কুাৰ বৰা, অঞ্জন বৰুৱা, ৰোহিত গগৈ, পৱিত্ৰ কোঁৱৰ, প্ৰদীপ শইকীয়া, মোহন চন্দ্ৰ দত্ত, ৰিপুনজিৎ কেওঁট, সঞ্জীৱ বাইলুং, নিৰোৎপল বৰুৱা, নিকুমণি শইকীয়া আৰু ববী গগৈ।

ইয়াৰ উপৰি জিলা উপায়ুক্ত গৰাকীয়ে ৭ (সাত) গৰাকী স্কাউট ক্ৰমে প্ৰাঙ্গণ জ্যোতি বৰা, প্ৰজ্ঞান জ্যোতি বৰুৱা, কল্যানদ্বীপ নাথ, কৌশিক বৰা, ঋষিৰাজ নাথ, আয়ুষ্মান দত্ত আৰু প্ৰতীকৰাজ বৰঠাকুৰক জিলা সংস্থাৰ তৰফৰ পৰা প্ৰশংসাপত্ৰ প্ৰদান কৰে।