অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে শিৱসাগৰতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। শিৱসাগৰৰ সন্তান তথা অসমৰ প্ৰথমজন অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ এছিয়ান গেইমছত ৮০০ মিটাৰ দৌৰৰ পুৰুষৰ শাখাত সোণৰ পদক কঢ়িয়াই আনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
সোমবাৰে শিৱসাগৰত ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ সহযোগত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়।
পুৱা ৰংপুৰ জ্যোতি ক্লাবৰ চৌহদত পতাকা উত্তোলন কৰে প্ৰাক্তন পৌৰপতি ৰাণা খানে। বন্তি প্ৰজ্বলন আৰু অলিম্পিক শিখা প্ৰজ্বলন কৰে ক্ৰমে প্ৰদীপ বুঢ়াগোহাঁই আৰু প্ৰণৱ দাসে। ইয়াৰ পাছতেই সামূহিক দৌৰ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে কালিৰ দিনটোতে শিৱসাগৰ পৌৰসভাই এইজনা মহান খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত নগৰৰ এটা পথ নামাকৰণ কৰে। এতিয়াৰে পৰা এ টি এম ৰ’ডৰ পৰা পিয়লি ফুকন ষ্টেডিয়ামলৈ যোৱা পথ টো “অৰ্জুন ভোগেশ্বৰ বৰুৱা পথ” নামেৰে জনা যাব।