শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ত আটক ভুৱা হৃদ চিকিৎসক

Sivasagar police nab fake doctor

ধৃত সেনগুপ্তা।

শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে প্ৰগতি নাৰ্চিংহোমৰ পৰা অমৃত কুমাৰ সেনগুপ্তা নামৰ এজন ভুৱা হৃদৰোগ বিশেষজ্ঞক আটক কৰিছে।

চিকিৎসালয়খনৰ আন এজন জ্যেষ্ঠ চিকিৎসকৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে সেনগুপ্তাক আটক কৰে।

প্ৰগতি নাৰ্চিংহোমত হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে ২১ দিন পূৰ্বে যোগদান কৰি বহুকেইজন ৰোগীক চিকিৎসা আগবঢ়াইছিল এই চিকিৎসকজনে।

চিকিৎসালয় কৰ্তৃপক্ষই সেনগুপ্তাক তেওঁৰ চিকিৎসকৰ প্ৰকৃত প্ৰমাণপত্ৰ জমা দিবলৈ নিৰ্দেশ দিয়াৰ পাছতো ২১দিনে বিভিন্ন অজুহাতত জমা দিয়া নাছিল।

যাৰ বাবে অমৃত কুমাৰ সেনগুপ্তাৰ ওপৰত সন্দেহ ওপজাত চিকিৎসালয়খনৰ আন জ্যেষ্ঠ চিকিৎসকে শিৱসাগৰ আৰক্ষীক অভিযোগ দিয়ে।

বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

ইপিনে চিকিৎসাজনিত কাৰণত বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে সন্দেহজনক চিকিৎসক সেনগুপ্তা।