• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ বিশিষ্ট সাংবাদিক, শিক্ষাবিদ, একালৰ ছাত্ৰ নেতা গুণ বৰুৱা আৰু নাই

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 16, 2020 4:59 pm
Sivasagar's veteran journalist, educationist, former student leader Guna Barua dies

প্ৰয়াত গুণ বৰুৱা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ সাংবাদিক জগতৰ পিতৃস্বৰূপ গুণ বৰুৱাৰ মঙলবাৰে পৰলোকপ্ৰাপ্তি হয়।

আজি দিনৰ প্ৰায় ১১.৪৩ বজাত শিৱসাগৰ মেলাচকৰৰ নিজা বাসগৃহত ৮০ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ সাংবাদিকগৰাকীৰ।

Apply Now

১৯৪০ চনত শিৱসাগৰৰ ৰজাবাৰী চাহ বাগিচাত জন্ম লাভ কৰিছিল গুণ বৰুৱাই। তেওঁৰ পিতৃ স্বৰ্গীয় গোবিন্দৰাম বৰুৱা আৰু মাতৃৰ নাম স্বৰ্গীয়া গুণদা বৰুৱা। গুণ বৰুৱাই প্ৰাথমিক শিক্ষা বৈছাহাবি প্ৰাথমিক বিদ্যালয়, ৰজাবাৰী আৰু চেলেংহাটৰ পৰা গ্ৰহণ কৰাৰ লগতে শিৱসাগৰ চৰকাৰী উচ্চতম মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা হাইস্কুলৰ শিক্ষালাভ কৰিছিল।

কলেজীয়া শিক্ষা তেওঁ চেন্ট এডমাণ্ডচ কলেজ শ্বিলং, কটন কলেজ, গুৱাহাটী আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা লাভ কৰিছিল। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

১৯৬৬ চনত গুণ বৰুৱাই জাঁজী হেমচন্দ্ৰ শৰ্মা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি ২০০০ চনৰ ২৯ ফেব্ৰুৱাৰিত অৱসৰ গ্ৰহণ কৰে।

ছাত্ৰ অৱস্থাত তেওঁ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, ১৯৬১-৬২ চনত শিৱসাগৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্যৰ লগতে আইন মহাবিদ্যালয় ছাত্ৰ একতা সভা গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে দায়িত্ব লৈ ছাত্ৰ সমাজক নেতৃত্ব প্ৰদান কৰিছিল।

প্ৰখ্যাত সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ সহোদৰ আছিল গুণ বৰুৱা।

১৯৭২ চনৰ পৰা ২০১৭ চনলৈকে দৈনিক জনমভূমি কাকতত শিৱসাগৰৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰোপৰি তেওঁ মহাজাতি কাকত, নতুন অসমীয়া কাকত, কলিকতাৰ পৰা প্ৰকাশিত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ৰ শিৱসাগৰৰ সংবাদদাতা, সাপ্তাহিক জনমভূমি আৰু পি টি আইৰ শিৱসাগৰৰ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সুদীৰ্ঘ কালৰ সম্পাদক আছিল গুণ বৰুৱা।

১৯৯৩ চনক গুণ বৰুৱাই কনক চন্দ্ৰ শৰ্মা সাংবাদিক বঁটা লাভ কৰিছিল। সাংবাদিক হিচাপে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল গুণ বৰুৱাই।

সাহিত্যৰ ক্ষেত্ৰখনটো জড়িত আছিল গুণ বৰুৱা। ১৯৭৮ চনত সাহিত্য সভাৰ উদ্যোগত জনজাতীয় লোকগীত নামৰ গ্ৰন্থখনিৰ সম্পাদনা কৰিছিল। এই গ্ৰন্থখন বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ Reference Book হিচাপে চলি আছে।

অসম আন্দোলন, ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, খাদ্য আন্দোলনত সক্ৰিয়ভাৱে জড়িত থকাৰ লগতে  ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ লগত গাঁৱে গাঁৱে গৈ জনতাক সহায় কৰিছিল।

জীৱনকালত গুণ বৰুৱাই ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণন, ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, চীন-ভাৰতৰ যুদ্ধৰ সময়ত জেনেৰেল কেৰিয়াপ্পা, জে. বি কৃপালিনী, বিনোৱা ভাবেৰ দৰে বহু বৰেণ্য তথা মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল।

এইগৰাকী বিশিষ্ট সাংবাদিক, শিক্ষাবিদ তথা সমাজ জীৱনলৈ বহু অৱদান আগবঢ়োৱা ব্যক্তিৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে শিৱসাগৰ।

ইপিনে সোমবাৰে সম্পাদনাৰ কাম সম্পূৰ্ণ হৈ উঠিছিল গুণ বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘গুণকাৰ’।

শুকুৰবাৰে উন্মোচন কৰাৰ কথা আছিল “গুণকাৰ” গ্ৰন্থখনি। কিন্তু উন্মোচনৰ পূৰ্বেই দেহাৱসান ঘটে প্ৰবীণ সাংবাদিকজনৰ।

তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধই ভিৰ কৰেহি গুণ বৰুৱাৰ বাসগৃহ।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd