NORTHEAST NOW (Assamese)

শিৱসাগৰত অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু : কোভিড-১৯ ব্যৱস্থাপনা, খহনীয়া ৰোধ-বান প্ৰস্তুতিৰ পৰ্যালোচনা

May 30, 2021 6:56 pm · পাৰ্শ্বজ্যোতি গগৈ

অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ জিলা ভ্ৰমণ কৰে। ভ্ৰমণকালত শিক্ষামন্ত্ৰীগৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় যেনে জিলাখনৰ কোভিড-১৯ ব্যৱস্থাপনা, গৰাখহনীয়া ৰোধ তথা সাম্ভাব্য বানপানী সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে।

এই আলোচনাকালত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈ আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰ জ্যোতি মহন্ত উপস্থিত থাকে।

শিক্ষা মন্ত্ৰীয়ে কোভিড-১৯ ব্যৱস্থাপনা আলোচনা কৰা কালত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বৰ্তমানে নিৰ্মীয়মান অৱস্থাত থকা অক্সিজেনযুক্ত আইচিইউ-ৰ নিৰ্মাণকাৰ্য ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ চাহ-বাগিচা এলেকাত চলি থকা কোভিড-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পৰ্কেও বুজ লয়। কোভিড-১৯ পৰীক্ষণ ক্ষীপ্ৰতৰ কৰি তুলিবলৈ আহ্বান জনাই তেওঁ কয় যে, বহুলভাৱে কোভিড পৰীক্ষণ কৰাই কোভিড-১৯ত আক্ৰান্ত ৰোগী চিনাক্ত কৰি তেওঁলোকক আছুতীয়াকৰণ তথা চিকিৎসা প্ৰদান কৰিব লাগিব।

এই পদক্ষেপৰ জৰিয়তেহে অতিমাৰী কোভিড-১৯ক পৰাভূত কৰিব পৰা সম্ভৱ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্যৰ কৰে। তেওঁ উপায়ুক্তগৰাকীক আশাকৰ্মী, অঙ্গনৱাদি কৰ্মী-সহায়িকা তথা গাঁওবুঢ়াসকলৰ দ্বাৰা ঘৰে ঘৰে গৈ মানুহৰ স্বাস্থ্যৰ বুজ ল’বলৈ পৰামৰ্শ দিয়ে যাতে কোনো লক্ষণযুক্ত ব্যক্তি প্ৰত্যক্ষ কৰিলে তাৎক্ষণিক ভাৱে কোভিড-১৯ পৰীক্ষণ কৰাব পাৰি।

মন্ত্ৰীগৰাকীয়ে অফলাৰ গৰাখহনীয়া ৰোধৰ বাবে উপায়ুক্তক বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে জল সম্পদ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উমৈহতীয়া উদ্যোগত গৰাখহনীয়া ৰোধৰ বাবে আৰম্ভ কৰিবলৈ লোৱা কাম কাজৰ নিয়মীয়া ক্ষেত্ৰভিত্তিক তদাৰক কৰিবলৈ তেওঁ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক সাম্ভাব্য বানপানীৰ সমস্যাৰ লগত মোকাবিলা কৰাৰ হকে জিলা প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতি সম্পৰ্কেও বুজ লয়।

তেওঁ উপায়ুক্তৰ পৰা জিলাখনৰ আইকণিক চাইট নিৰ্মাণৰ কাম-কাজ সমূহৰ বিষয়েও বুজ লয়।

শিক্ষামন্ত্ৰীগৰাকীয়ে অতিশীঘ্ৰে জিলাখনত পুনৰবাৰ আহি সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে জিলা প্ৰশাসন তথা বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হ’ব বুলিও সদৰী কৰে।

ইয়াৰ পিছত শিক্ষামন্ত্ৰীগৰাকীয়ে সাংসদ তপন কুমাৰ গগৈৰ সৈতে শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে সাংসদ তপন কুমাৰ গগৈৰ সৈতে চিকিৎসাধীন কোভিড-১৯ ৰোগীৰ বাবে ফল-মূল বিতৰণ কৰে।

Related News