শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি।

বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া মে-ডাম-মে-ফিত অংশ গ্ৰহণ কৰিব বলিউডৰ জনপ্ৰিয় অভিনেতা ৰবি জাংঘু।

শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফিৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়া আৰু সাধাৰণ সম্পাদক বসন্ত গগৈয়ে।

নাওঁখেল, কুইজৰ লগতে পৰম্পৰাগত বিভিন্ন খেল ধেমালী অনুষ্ঠিত হোৱাৰ লগতে দুয়োটা দিনতে অনুষ্ঠিত হ’ব এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান।

সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনয় আৰু মনদীপ গগৈৰ পৰিচালনাত লাচিত বৰফুকন নাটক মঞ্চস্থ কৰা হব।

সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব শিল্পী পৰিনীতা বৰঠাকুৰ, কুসুম কৈলাশ, মন্টুমণি, জ্যোতিমালা, লোহিত গগৈ, সন্ধ্যামেমন, মহেন্দ্ৰ হাজৰিকা, দ্বীপেন বৰুৱা, ভূপেন উজিৰ, শান্তা উজিৰ আৰু কুইন দাসে গীত পৰিৱেশন কৰিব।

উল্লেখ যোগ্য যে,  দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া মে-ডাম-মে-ফিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, গৌৰৱ গগৈ,  ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী, ক্ৰীডা আৰু যুৱ কল্যানৰ সদস্য লক্ষ্য কোঁৱৰ, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি দয়ানন্দ বৰগোঁহাই, বিধায়ক দেবব্ৰত শইকীয়া আদি ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।