NORTHEAST NOW (Assamese)

অসমত আৰু ছগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১১৫লৈ বৃদ্ধি

August 4, 2020 10:19 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত মঙলবাৰে প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে— যোৰহাটৰ শ্ৰাধনা সৰকাৰ (৭২), তিনিচুকীয়াৰ প্ৰণৱ শইকীয়া (৪৩) আৰু আৰতী লিম্বু (৬০), ডিব্ৰুগড়ৰ মাণিক সৰকাৰ (৪৮) আৰু ভবেন লিকচন (৪৮) আৰু শোণিতপুৰৰ সজল আচাৰ্য্য (৬৩)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

এইসকলক ব্যক্তিক ধৰি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৫লৈ বৃদ্ধি পাইছে।

বিপৰীতে অসমত এতিয়ালৈকে ৩৩,৪২৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Related News