শাৰদীয় দুৰ্গা উৎসৱৰ মাজতে ত্ৰিপুৰাৰ এখন কাৰাগাৰত সংঘটিত হয় ভয়ানক সংঘৰ্ষ। কাৰাগাৰৰ কৰ্মচাৰীক প্ৰহাৰ কৰি পলায়ন ৬ জন অপৰাধীৰ। ইয়াৰে এজন বাংলাদেশী নাগৰিক বুলিও জানিব পৰা গৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন কাৰাগাৰ কৰ্মচাৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উত্তৰ জিলাৰ ধৰ্মনগৰ কাৰাগাৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, জেলৰ কৰ্মচাৰীক প্ৰহাৰ কৰি মূল গেট ভাঙি পলায়ন কৰে ৬ কয়দীয়ে। পলাতক সকলৰ ভিতৰত আছে কুখ্যাত ডকাইত নাজিম উদ্দিন, ৰহিম আলী, সুনীল দেববৰ্মা, নাৰায়ণ দত্ত, ৰোজান আলী আৰু আব্দুল পাটা। সূত্ৰ অনুসৰি ইয়াৰে এজন অসমৰ আৰু এজন বাংলাদেশৰ বাসিন্দা। তেওঁলোকৰ প্ৰত্যেকৰে বিৰুদ্ধে একাধিক গোচৰ হৈ আছে।
এই ঘটনাৰ সময়তে জেলৰ কৰ্মচাৰী গেদু মিয়া গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁ ধৰ্মনগৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ঘটনাৰ পিছৰে পৰা আৰক্ষীৰ নিৰাপত্তা আৰু জিলা আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। পলাতক দোষীক বিচাৰি ইতিমধ্যে প্ৰশাসনে অনুসন্ধান আৰম্ভ কৰিছে। ত্ৰিপুৰাৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম ।





