দেশত শেহতীয়াভাৱে সংঘটিত হোৱা কেইবাটাও ৰে’ল দুৰ্ঘটনাক লৈ ৰে’লৱেৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে আজি পুনৰ এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই দেশক জোকাৰি গৈছে। এইবাৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰ বিলাসপুৰ জিলাত।
আজি সন্ধিয়া প্ৰায় ৪ বজাত জিলাখনৰ গট’ৰা আৰু বিলাসপুৰ ষ্টেচনৰ মাজত, জয়ৰাম নগৰ ষ্টেচনৰ সমীপত এখন যাত্ৰীবাহী মেমু (MEMU) স্থানীয় ৰে’ল (গেভৰা ৰোড-বিলাসপুৰ)ৰ সৈতে এখন মালবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ ঘটে।
প্ৰাথমিক তথ্য মতে এই দুৰ্ঘটনাত প্ৰায় ছয়জন লোকৰ মৃত্যু হৈছে আৰু ২-৩ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।
সংঘৰ্ষটো ইমানেই শক্তিশালী আছিল যে যাত্ৰীবাহী ৰে’লখনৰ এটা ডবা মালবাহী ৰে’লখনৰ ওপৰত বাগৰি পৰে। স্থানীয় লোকসকলে প্ৰথমে বৃহৎ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে’ল কৰ্তৃপক্ষ আৰু প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।
দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ বিষয়াসকলে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ বাবে ‘আপ লাইন’ত ৰে’ল চলাচল ব্যাহত হৈছে। ৰে’লৱে প্ৰশাসনে আহতসকলক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই দুৰ্ঘটনাৰ কাৰণ জানিবলৈ এখন তদন্তও আৰম্ভ কৰা হৈছে।
দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ জেনেৰেল মেনেজাৰ আৰু বিলাসপুৰ সংমণ্ডল ৰে’লৱেৰ প্ৰবন্ধক দুয়োৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।





