আজি আকাশত একে শাৰীতে অৱস্থান কৰিব ছটা গ্ৰহ! ক’ৰ পৰা দেখা যাব এই বিৰল মহাজাগতিক দৃশ্য?

ফটোঃ সংগ্ৰহীত।

মহাকাশ হৈছে অন্তহীন ৰহস্যৰ ভঁৰাল। মানৱ সভ্যতাৰ কৌতুহলী প্ৰশ্নক কেৱল ই প্ৰত্যাহ্বান জনাই আহিছে। মহাকাশযানেৰে বহুবাৰ মহাকাশত গৈ চন্দ্ৰ-সূৰ্য্যত অভিযান চলাইও বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱ নাই! আজি পুনৰ পৃথিৱীয়ে তেনে এক আচৰিত, মহাজাগতিক দৃশ্যৰ সাক্ষী হ’বলৈ আগবাঢিছে।

আজি (৩ জুন) মহাকাশত একে শাৰীতে সৌৰজগতৰ ছটা গ্ৰহ দেখা যাব। মানুহে খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব এই দৃশ্য। যন্ত্ৰৰ সহায়ত অৱশ্যে ইয়াক ভালকৈ চাব পৰা যাব। ভাৰতত ক’ৰ পৰা চাব পৰা যাব এই বিৰল পৰিঘটনা?

বিজ্ঞানীসকলে জনাইছে যে আমাৰ সৌৰজগতৰ ছটা গ্ৰহ ওচৰ চাপি আহিছে। পৃথিৱীৰ পৰা সিহঁতক একে শাৰীতে অৱস্থান কৰা দেখা যাব। মহাজাগতিক ভাষাত এনে পৰিঘটনাক ‘গ্ৰহ প্ৰান্তিককৰণ’ (প্লেনেটাৰী এলাইনমেন্ট) বুলি কোৱা হয়।

লগতে পঢ়কঃ বিস্মিত ব্যতিক্ৰম! একমাত্ৰ এক্সিট প’ল যত কোৱা হৈছে বিজেপি আৰু এনডিএই নাপায় সংখ্যাগৰিষ্ঠতা

আজি বুধ, মংগল, বৃহস্পতি, ইউৰেনাছ, নেপচুন আৰু শনি একে শাৰীতে অৱস্থান কৰিব। আচলতে গ্ৰহবোৰ ইটোৱে সিটোৰ ওচৰলৈ নাহে। ইহঁতৰ অৱস্থান এনেকুৱা যে পৃথিৱীৰ প্ৰতি ইহঁতক এডাল ৰেখাত থকা যেন ধাৰণা হয়। ইয়াতেই আচৰিত “দৃশ্যৰ জন্ম” হয়!

বিজ্ঞানীসকলে জনোৱা মতে, এই মহাজাগতিক দৃশ্যটো অন্ততঃ অহা এসপ্তাহৰ বাবে দেখা যাব। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই দৃশ্য দেখিবলৈ পোৱা যাব। ‘Planetary Alignment’ চাবলৈ সৰ্বোত্তম সময় হ’ল কাহিলী পুৱা। অৰ্থাৎ সূৰ্য্য উদয়ৰ ঠিক আগৰ মুহূৰ্তটো।

লগতে পঢ়কঃ সকলো মিলেনে? ২০১৪ আৰু ২০১৯ চনৰ ‘এক্সিট প’ল’ কিমান সঠিক আছিল? চাওক কি কয় তথ্যই

আকাশ পৰিষ্কাৰ থাকিলে সূৰ্য্য উদয়ৰ ২০ মিনিট আগতে পূব দিশত এটা এটাকৈ গ্ৰহবোৰ দেখা যাব। কিন্তু বতৰ বেয়া হ’লে, আকাশত ডাৱৰ থাকিলে দেখা নাযাব। তেনে ক্ষেত্ৰত বিৰল মহাজাগতিক বিস্ময় নিৰীক্ষণৰ হেঁপাহ আধৰুৱা হৈ ৰ’ব!