• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সকলো মিলেনে? ২০১৪ আৰু ২০১৯ চনৰ ‘এক্সিট প’ল’ কিমান সঠিক আছিল? চাওক কি কয় তথ্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 11:15 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ডেৰ মাহ ধৰি চলা সাতটা পৰ্যায়ৰ ‘ভোটগ্ৰহণ’ৰ শনিবাৰে অন্ত পৰিল। যিকোনো নিৰ্বাচনৰ পিছত আটাইতকৈ কৌতুহলৰ বিষয়টো হ’ল ‘এক্সিট প’ল’। ২০২৪ চনৰ লোকসভা নিৰ্বাচনো ইয়াৰ ব্যতিক্ৰম নহয়। নিৰ্বাচনৰ অন্ত পৰাৰ পিছতে বিভিন্ন সমীক্ষা সংস্থাই তেওঁলোকৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। কিন্তু এই হিচাপ সদায় নিমিলে, সেইটোও সঁচা।

এক্সিট প’লৰ ফলাফলৰ সন্দৰ্ভত কেতিয়াও কোনো নিশ্চয়তা নাথাকে। কোনেও শপত খাই কব নোৱাৰে যে তেওঁলোকৰ হিচাপ মিলিবই। কিন্তু কেতিয়াবা দেখা যায়, ‘এক্সিট প’ল’ৰ হুবহু মিল থাকে, আৰু কেতিয়াবা ইয়াৰ প্ৰকৃত ফলাফলৰ পৰা আকাশ-পাতালৰ পাৰ্থক্য। পূৰ্বৰ দুটা লোকসভা নিৰ্বাচনৰ হিচাপ কিমান মিলিছিল? সেই তথ্যখিনি চাওঁ আহক।

২০১৪ চনৰ এক্সিট প’ল

ইণ্ডিয়া টুডে-চিচেৰোৰ এক্সিট প’লত এন ডি এয়ে ২৭২ খন আৰু ইউ পি এয়ে ১১৫ খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছিল।

Apply Now

News24-চানক্যৰ সমীক্ষাত দাবী কৰা হৈছিল যে এন ডি এৰ মিত্ৰজোঁটে ৩৪০খন আসন লাভ কৰিব পাৰে। আৰু ইউপিএই পাব ১০১খন আসন।

এবিপি নিউজ-নিয়েলছনৰ সমীক্ষা অনুসৰি এনডিএই ২৭৪খন আসন আৰু ইউপিএই মাত্ৰ ৯৭খন আসনহে লাভ কৰিব বুলি কোৱা হৈছিল।

টাইমছ নাও-অ’ আৰ জিৰ সমীক্ষাত এন ডি এক ২৪৯ খন আসন দিয়া হৈছিল। ইউপিএক দিয়া হৈছিল ১৪৮খন আসন।

চিএনএন আইবিএন-চিএছডিএছৰ এক সমীক্ষাত দাবী কৰা হৈছিল যে এনডিএ মিত্ৰজোঁটে ২৮০খন আসন লাভ কৰিব পাৰে। আনহাতে, ৯৭ খন আসনত আবদ্ধ হৈ থাকিব ইউ পি এ।

চূড়ান্ত ফলাফল

সেই বৰ্ষৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে ৩৩৬ খন আসনত জয়লাভ কৰে যাৰ ভিতৰত বিজেপিয়ে অকলে ২৮২ খন আসন লাভ কৰে। আৰু ইউপিএই মাত্ৰ ৬০খন আসন লাভ কৰে। কংগ্ৰেছে মাত্ৰ ৪৪খন আসনহে পাইছিল।

২০১৯ চনৰ এক্সিট প’ল

ইণ্ডিয়া টুডে আৰু মাই এক্সিছৰ সমীক্ষাত কোৱা হৈছিল যে এন ডি এয়ে ৩৩৯-৩৬৫খন আসন লাভ কৰিব পাৰে। ইউপিএৰ আসনৰ সংখ্যা হ’ব ৭৭ৰ পৰা ১০৮খন।

News 24 চাণক্যৰ সমীক্ষাত ইংগিত পোৱা গৈছিল যে এন ডি এয়ে ৩৫০ বা তাতকৈ অধিক আসন লাভ কৰিব পাৰে। ইউপিএই ১০০ খনতকৈও কম আসন পাব।

টাইমছ নাও আৰু ভিএমআৰৰ সমীক্ষাত বিজেপিয়ে ৩০৬খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছিল। ইউপিএই ১২০খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল।

সুদৰ্শন নিউজৰ সমীক্ষা অনুসৰি বিজেপিয়ে ৩০৫খন, ইউপিএই ১২৪খন আসন লাভ কৰিব বুলি কোৱা হৈছিল।

News18-ইপছ’ছৰ এক্সিট প’লত এন ডি এ মিত্ৰজোঁটে ৩৩৬খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছিল। লগতে দাবী কৰা হৈছিল যে ইউপিএই ৮০ৰ পৰা ৮২খন আসন পাব পাৰে।

চূড়ান্ত ফলাফল

দেখা গ’ল যে সেইবাৰ বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ৩৫৩খন আসন লাভ কৰে। আৰু কেৱল বিজেপিয়ে অকলে ৩০৩ আসন পায়। ইউ পি এৰ মিত্ৰজোঁটে ৯৩খন আসন লাভ কৰে। অকল কংগ্ৰেছে ৫২ খন আসন পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd