NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰৰ সাংবিধানিক ৰক্ষাকৱচ ধ্বংস কৰি বিজেপিয়ে নিজৰ স্বৈৰাচাৰিতা প্ৰমাণ কৰিলে : অখিল গগৈ

August 5, 2019 10:18 pm · শান্তনু শইকীয়া
সংবাদমেলত কৃষক মুক্তিৰ নেতা অখিল গগৈ। ৫ আগষ্টত।

সংবিধানৰ ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ সাংবিধানিক ৰক্ষাকৱচ সমূলঞ্চে ধ্বংস কৰাৰ জৰিয়তে বিজেপিয়ে নিজৰ স্বৈৰাচাৰী ৰূপ দেখুৱালে বুলি মন্তব্য কৰিছে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে।

আজি কৃষক মুক্তিৰ কাৰ্যালয়ত এখন সংবাদমেল সন্মোধন কৰি গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ইয়াক ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি ভাবুকি আখ্যা দি এই দিনটো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ বাবে এটা ক’লা দিন বুলি অভিহিত কৰে।

ইয়াক কেন্দ্ৰৰ অদূৰদৰ্শী, ঠেক মনোবৃত্তিৰ আৰু স্বৈৰাচাৰী সিদ্ধান্ত বুলি অভিহিত কৰি এনেকুৱা অগণতান্ত্ৰিক সিদ্ধান্তক বাতিল কৰিবলৈ দাবী জনায় কৃষক মুক্তিৰ নেতাজনে।

কেন্দ্ৰৰ হঠকাৰী সিদ্ধান্তক নিন্দা কৰি অখিল গগৈয়ে কয়, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ নেতৃত্বাধীন বিজেপি, আৰ এছ এছৰ চৰকাৰৰ ওচৰত ভাৰতৰ সংবিধান, ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতীয় জনগণ মুঠেও সুৰক্ষিত নহয়।

ইয়াৰোপৰি বিজেপি আৰু আৰ এছ এছৰ চৰকাৰখনৰ স্বৈৰাতান্ত্ৰিক কাম-কাজে দেশখনক ইতিহাসৰ সৰ্ববৃহৎ ৰাজনৈতিক-অৰ্থনৈতিক সংকটৰ দিশত আগ বঢ়াই নিছে বুলিও ব্যক্ত কৰে গগৈয়ে।

উত্তৰ-পূৰ্বাঞ্চলৰ সকলো গণতান্ত্ৰিক শক্তি, যিয়ে অঞ্চলটোৰ ৰাজ্যসমূহৰ জনগণৰ অধিক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবী কৰা সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা উচিত”, গগৈৰ মন্তব্য।

ইফালে অসমসহ বিভিন্ন ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পাছত বিভিন্ন ৰাজ্যই লাভ কৰা সাংবিধানিক সুৰক্ষাকৱচৰ বিভিন্ন অনুচ্ছেদ সংবিধানৰ ৩৭১-এৰ পৰা ৩৭১-জি অনুচ্ছেদলৈ, সংবিধানৰ ষষ্ঠ অনুসূচী আৰু জনজাতি তথা পিছপৰা শ্ৰেণীসমূহৰ সংৰক্ষণৰ ওপৰতো আক্ৰমণ হ’ব পাৰে বুলি সকীয়াই দিয়ে কৃষক নেতাগৰাকীয়ে।

Related News