ভিয়েনাট সংঘটিত হৈছে এক আমোদজনক ঘটনা। ৬০ বছৰৰ পাছত চুৰি সামগ্ৰী ঘূৰাই দিলে চোৰে।
উত্তৰ জাৰ্মানীৰ এজন লোকে ৬০ বছৰ পূৰ্বে ভিয়েনাৰ ছেইণ্ট ষ্টিফেন কেথেড্ৰেলৰ পৰা চুৰি কৰি নিছিল এটা মানুহৰ লাওখোলা। উল্লেখ্য যে এই স্থানত ১৭০০ চনত কবৰ দিয়া প্ৰায় ১১,০০০ লোকৰ হাড়-মূৰ সংৰক্ষিত হৈ আছে।
লোকে জনে ঘূৰাই পঠোৱা লাওখোলাটোৰ সৈতে অহা পেকেটটোত আছিল এখন ব্যাখ্যাপত্ৰ, য’ত লোকজনে নিজৰ অপৰাধবোধ প্ৰকাশ কৰিছিল।
জীৱনৰ শেষ সময় ওচৰ চাপি অহাৰ লগে লগে, তেওঁ “যৌৱনৰ উচ্ছৃংখলতা”ৰ বাবে ক্ষমা বিচাৰি সেই ভুলৰ শুধৰণি কৰিব বিচাৰিছিল। কিন্তু বিশেষ কথাটো হ’ল—তেওঁ ইমান বছৰ ধৰি খুলিটো সুৰক্ষিতভাৱে ৰাখিছিল।
কেথেড্ৰেলৰ আৰ্কাইভিষ্ট ফ্ৰেঞ্জ জেহেটনাৰ এই ঘটনাত আচৰিত হৈছিল, কিন্তু এই কাৰ্যত তেওঁ মৰ্মাহতও হৈছিল।
খুলিটো কাৰ আছিল, সেয়া জনা নাযায়—সম্ভৱতঃ ই বহু শতিকা আগতে কবৰ দিয়া কোনো অভিজাত ভিয়েনাৰ পৰিয়ালৰ সদস্যৰ আছিল। ইয়াক এতিয়া কেথেড্ৰেলৰ কেটেকম্বচত পুনৰ সমাধিস্থ কৰা হৈছে।





