• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মাৰ্ট মিটাৰে থিয় গোৰ শোধাইছে মন্ত্ৰী-বিষয়াক : মাহেকত আহিহে ৬০-৭০ হাজাৰ বিল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2024 8:36 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ স্মাৰ্ট মিটাৰে জ্বলাইছে মন্ত্ৰী আৰু আইএএছ বিষয়াৰ আৱাসগৃহ। দৰিদ্ৰ জনতা তথা সাধাৰণ জনতাক স্মাৰ্ট মিটাৰে কঁকালত গোৰ শোধাই ৰং চোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰীক এইবাৰ থিয় গোৰ শোধাইছে স্মাৰ্ট মিটাৰে। লগতে আইএএছ বিষয়াকো শোধাইছে প্ৰচণ্ড গোৰ।

প্ৰকাশ পাইছে আগষ্ট মাহৰ বিদ্যুতৰ বিল। আগষ্ট মাহৰ বিদ্যুতৰ বিলত স্পষ্ট হৈছে যে স্মাৰ্ট মিটাৰ সমৰ্থনত যুক্তি দিয়া মন্ত্ৰীসকলৰ থিয়ৈ থিয়ৈ গোৰ শোধাইছে স্মাৰ্ট মিটাৰে।

Apply Now

উল্লেখ্য যে, সাধাৰণ জনতাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পাছতে দিছপুৰৰ ১৮ টা মন্ত্ৰী আৱাস আৰু ৩৬ টা আইএএছ আৱাসত স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছিল। মন্ত্ৰী আৰু আইএএছ বিষয়াসকলৰ আৱাসত স্থাপন কৰা এই স্মাৰ্ট মিটাৰসমূহৰে এতিয়া বিল আহিছে। উক্ত বিলৰ পৰিমাণে এতিয়া সাধাৰণ জনতাৰ চকু কপালত উঠোৱাৰ পৰিৱৰ্তে এইবাৰ পৰ্বতসম বিলে মন্ত্ৰী-বিষয়াসকলৰ কঁকালত যেন থিয় গোৰহে শোধাইছে।

প্ৰকাশ পোৱা মতে, মন্ত্ৰী আৱাসত গাইপতি ৫০ ৰপৰা ৭০ হাজাৰ টকাকৈ বিল আহিছে। ইফালে আইএএছ বিষয়াৰ আৱাসত আহিছে গাইপতি ২০ ৰপৰা ৩০ হাজাৰ টকাৰ বিল। মন্ত্ৰী আৰু বিষয়া আৱাসৰ এই পৰ্বতসম বিলৰ পৰিমাণে এতিয়া সাধাৰণ জনতাৰ প্ৰতিবাদক যেন নায্যতা প্ৰদান কৰিলে।

স্মৰণযোগ্য যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ভুক্তভোগী সাধাৰণ জনতাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিৰোধ প্ৰতিবাদ কৰি আহিছে। বিধানসভাৰ মজিয়াতো বিৰোধী বিধায়কসকলে বিষয়টোক লৈ সৰৱ হৈছিল। কিন্তু এই বিৰোধ আৰু বিৰোধিতাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ গা লৰাব নোৱাৰিলে। বৰং স্মাৰ্ট মিটাৰৰ সপক্ষে বিভিন্ন অযুক্তিৰ মন্তব্যৰে পৰিৱেশ ঘোলা কৰিবলৈ ধৰিলে চৰকাৰী পক্ষই।

স্মাৰ্ট মিটাৰক লৈ বিধানসভাত সৰৱ হোৱাৰ বাবেই বিধায়ক অখিল গগৈ বাসগৃহতো চৰকাৰে স্মাৰ্টমিটাৰ স্থাপন কৰিছিল। ইয়াৰ সমান্তৰালভাৱে মন্ত্ৰী আৰু শীৰ্ষ বিষয়াৰ আৱাসতো স্থাপন কৰা হৈছিল স্মাৰ্ট মিটাৰ। এতিয়া এই স্মাৰ্ট মিটাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ স্মাৰ্টনেছকে বুমেৰাং কৰিলে। অৰ্থাৎ এতিয়া এই স্মাৰ্ট মিটাৰে জনতাৰ বিৰোধ প্ৰতিবাদক নায্যতা দি চৰকাৰৰ মুখত ক’লা ছাইঁ সানিলে।

এতিয়া প্ৰশ্ন উঠিছে, জনতাৰ প্ৰতিবাদত হিমন্তৰ চৰকাৰে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিব নে অঁকৰাই মৈ উঠাৰ দৰেই স্মাৰ্ট মিটাৰকে ব্যৱহাৰ কৰিবলৈ জনতাক কঁকাল প্ৰচণ্ড গোৰকে শোধাই থাকিব?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd