NORTHEAST NOW (Assamese)

কৰ’ণাই প্ৰাণ ললে বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী বিনোদ ভাগৱতীৰ

November 4, 2021 2:57 pm · প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

মহামাৰী কৰ’ণাই প্ৰাণ ললে বঙাইগাঁও বাৰোৱাৰী ৰাস মন্দিৰ কমিটিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিনোদ ভাগৱতী (৭০)৷

দুৰ্গা পূজাৰ আগতে ১০ অক্টোৱৰত ভাগৱতীৰ দেহত ধৰা পৰিছিল কৰ’ণাৰ অৱস্থিতি৷

দেহত কৰ’ণা পজিটিভ ধৰা পৰাত তেওঁ কিছুদিন নিজ ঘৰতে আছুতীয়াকৈ আছিল৷

কিন্তু হঠাৎ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক যোৱা ২০ অক্টোৱৰত বৰপেটাৰ ডঃ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷

চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত থকাৰ সময়তে বুধবাৰে পুৱা প্ৰায় ৮ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷

বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যুৰ খবৰে বঙাইগাঁৱত শোকৰ ছাঁ পেলাইছে৷

উল্লেখ্য যে বঙাইগাঁও বাৰোৱাৰী ৰাস মন্দিৰ কমিটিৰ জন্ম লগ্নৰে পৰা জড়িত ভাগৱতী দীৰ্ঘদিন ধৰি উক্ত কমিটিৰ সহকাৰী সম্পাদকৰ পদত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰি গৈছিল৷

মৃত্যুৰ আগলৈকে তেওঁ এই বাৰোৱাৰী ৰাস মন্দিৰ কমিটিৰ ভাৰপ্ৰাপ্ত সাধাৰন সম্পাদক পদৰ দায়িত্বত আছিল৷

ভাগৱতীৰ মৃত্যুয়ে যেন উকা কৰি গ’ল বাৰোৱাৰী ৰাস মন্দিৰ কমিটিক৷

মৃত্যুৰ সময়ত তেওঁ পত্নী মীৰা ভাগৱতী, দুগৰাকী পুত্ৰ সন্তান, এগৰাকী জীয়ৰীৰ লগতে নাতি নাতিনী আৰু অগণন গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷

Related News