চলিত মাহতে সূৰ্যগ্ৰহণ-চন্দ্ৰগ্ৰহণ; ভাৰতত কেতিয়া দেখা যাব, চাওক সবিশেষ

সমগ্ৰ বিশ্বই এই বছৰ মহাকাশত বহুতো অবিশ্বাস্য পৰিঘটনাৰ সাক্ষী হৈ পৰিছে। ইয়াৰে বহুখিনি ভাৰতৰ পৰা দেখা পোৱা নগ’ল। কিন্তু চলিত অক্টোবৰ মাহটোৱে আপোনাক একেবাৰেই নিৰাশ নকৰে। চলিত মাহতে দেখা যাব সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দুয়োটাই। এই দুয়োটা গ্ৰহণেই ভাৰতত দেখা যাব। মাত্ৰ সূচী অনুসৰি আকাশৰ ওপৰত চকু ৰাখিব লাগিব।

এতিয়া সূৰ্যগ্ৰহণেই হওক বা চন্দ্ৰগ্ৰহণ হওক, ক’ৰ পৰা আৰু কেতিয়া দেখা যাব? এই মহাজাগতিক পৰিঘটনাটো কেতিয়া, ক’ত আৰু কোন সময়ত দেখা পাব জানো লওঁ আহক।

লগতে পঢ়কঃ Asian Games 2023: মহিলা কাবাডীত চীনা টাইপেইক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিলে ভাৰতে

আকৌ আপুনি যদি মোবাইলত পৰিঘটনাসমূহ লাইভ চাব বিচাৰে তেন্তে সেইটোও চাব পাৰে। তাৰ বাবে আপুনি নাছাৰ ২০২৩ চনৰ বাৰ্ষিক সৌৰ গ্ৰহণ সম্প্ৰচাৰ ৱেবছাইটলৈ যাব পাৰে। তাত আপুনি প্ৰতিটো মুহূৰ্তৰ আপডেট পাব।

অক্টোবৰ মাহত কেতিয়া হ’ব সূৰ্যগ্ৰহণ?

১৪ অক্টোবৰত আপুনি সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা পাব। এই সময়ত সূৰ্য্যৰ চাৰিওফালে জুইৰ আঙঠি গঠন হ’ব। চন্দ্ৰ যেতিয়া সূৰ্যৰ সন্মুখেৰে পাৰ হৈ যায়, তেতিয়া সূৰ্যগ্ৰহণ হয়। যেতিয়া চন্দ্ৰ সূৰ্য্যতকৈ সৰু দেখা যায় তেতিয়া সূৰ্য্যৰ পোহৰ অধিকাংশই ঢাক খাই পৰে আৰু সূৰ্য্যক এটা আঙঠিৰ দৰে দেখা যায়। ইয়াক বৃত্তাকাৰ সূৰ্যগ্ৰহণ (Annular Solar Eclipse) বোলা হয়।

লগতে পঢ়কঃকূটনীতিবিদসকলক ভাৰতৰ পৰা ছিংগাপুৰ আৰু মালয়েছিয়ালৈ স্থানান্তৰিত কৰিলে কানাডাই

এই বৃত্তাকাৰ সূৰ্যগ্ৰহণ পৃথিৱীৰ চাৰিওফালে হাজাৰ হাজাৰ কিলোমিটাৰ বা মাইল ধৰি দেখা যাব। ২০২৩ চনৰ ১৪ অক্টোবৰত দেখা যাব এই সূৰ্যগ্ৰহণ।

চন্দ্ৰগ্ৰহণ কেতিয়া দেখা যাব?

২৮ অক্টোবৰৰ নিশা দেখা যাব চন্দ্ৰগ্ৰহণ। পৃথিৱী যেতিয়া সূৰ্য্য আৰু চন্দ্ৰৰ মাজত থাকে তেতিয়া ই চন্দ্ৰৰ পৃষ্ঠ ঢাকি ধৰে। তাকে চন্দ্ৰগ্ৰহণ বোলে। এছিয়া, ৰাছিয়া, আফ্ৰিকা, আমেৰিকা, ইউৰোপ, এন্টাৰ্কটিকা আৰু ওচেনিয়াকে ধৰি য’তেই চন্দ্ৰ আকাশৰ ওপৰত থাকিব তাতেই চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতত সৰ্বোচ্চ সূৰ্যগ্ৰহণ হ’ব দিনৰ ১.৪৫ বজাত। ২০২৩ চনৰ ২৮ অক্টোবৰত চন্দ্ৰগ্ৰহণ দেখা পাব।