• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলে দলে কংগ্ৰেছীৰ ‘প্ৰৱেশ’ৰ বিৰুদ্ধে বিজেপিৰ মজিয়াত প্ৰথমটো কণ্ঠ প্ৰতিধ্বনিত

"পৰিৱৰ্তনকামী  বিজেপি চৰকাৰৰ পৰা মানুহে এইখিনিয়েই আশা কৰিছিল নেকি?"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2019 6:11 pm
MiraBorthakur

মীৰা বৰঠাকুৰ। ফটোৰ উৎস : মীৰা বৰঠাকুৰৰ ফেইচবুক টাইমলাইন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজনৰ পিছত সিজন কংগ্ৰেছী নেতাক বিজেপিয়ে আদৰি লোৱা দেখি হতাশ হৈছে বিজেপিৰ পুৰণি নেতা-কৰ্মীৰ একাংশ, যাৰ ‘ক্ষোভ’ৰ প্ৰতিধ্বনি লাহে লাহে শুনা গৈছে।

মাত্ৰ এদিন পূৰ্বে দলত্যাগ কৰা কংগ্ৰেছ নেতা গৌতম ৰয় আৰু শান্তিয়াজ কুজুৰৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই আজি হেঙেৰাবাৰীৰ প্ৰদেশ বিজেপিৰ কাৰ্য্যালয়ত আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰিছে।

Apply Now

যোৱা ৯ আগষ্টত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সদ্য পদত্যাগী সাংসদ ভুৱনেশ্বৰ কলিতাই দিল্লীত দলটোত যোগদান কৰিছিল।

বিজেপিয়ে পূৰ্বে দুৰ্নীতিৰ কলংক থকা বুলি অভিযোগ অনা কংগ্ৰেছী নেতাক এইদৰে আদৰি লোৱা দেখি হতাশ হোৱা এগৰাকী নেত্ৰীৰ কণ্ঠত আজি প্ৰথম শুনা গ’ল এই হতাশাৰ অনুৰণন।

“এনে পৰিৱৰ্তন কাম্য নহয় ৷ বিজেপি অসম প্ৰদেশৰ সকলো নেতৃত্বলৈ নমস্কাৰ জনালো। কাৰণ আপোনালোকে আমাক বুজাই দিলে যে আজিৰ ৰাজনীতি আমাৰ দৰে মানুহৰ বাবে নহয়, য’ত আপোচ নাই”, আজি হেঙেৰাবাৰীত কংগ্ৰেছী নেতাৰ আনুষ্ঠানিক যোগদানৰ কাৰ্য্যসূচী চলি থকা সময়তে বিজেপিৰ নেত্ৰী মীৰা বৰঠাকুৰে নিজৰ ফেইচবুকৰ টাইম লাইনত লিখে।

নৰ্থ-ইষ্ট নাওৰ আগত নেত্ৰীগৰাকীৰ মন্তব্য, “কংগ্ৰেছৰ প্ৰতি অতিষ্ঠ হৈহে মানুহে বিজেপিক ভোট দিছিল।  গৌতম ৰয়ৰ দৰে এজন উচ্ছৃংখল ব্যক্তিক, যি মূল্যবোধ শব্দটোৱেই বুজি নাপায় , তেনেকুৱা এজন ব্যক্তিক যদি বিজেপিয়ে আঁকোৱালি ল’ব পাৰে, তেন্তে জানিব লাগিব মূল্যবোধৰ নিশ্চয়কৈ অৱক্ষয় ঘটিছে।”

‘ৰাজনীতিত অলপ মূল্যবোধৰ প্ৰয়োজন’ এইবুলি কৈ বৰঠাকুৰে কয়, “একেবাৰেই যদি মূল্যবোধ নাথাকে, যুৱ প্ৰজন্মক কি বাৰ্তা দিব? পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰা মানুহে এইখিনিয়েই আশা কৰিছিল নেকি? ”

তেওঁ গৌতম ৰয়ৰ লগতে ভুৱনেশ্বৰ কলিতাকো নিৰ্লজ্জ নেতা বুলি স্পষ্টকৈ অভিহিত কৰে।

“মই আজি দিনটোলৈকে অপেক্ষা কৰিছিলোঁ, মই এতিয়াও দলটোৰ সদস্য হৈ আছোঁ আৰু জীৱনৰ অন্তিম দিনটোলৈকে থাকিম। কিন্তু সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ নকৰোঁ। কিয়নো ইয়াত সম্পূৰ্ণ মূল্যবোধৰ অৱক্ষয়ী ৰাজনীতি চলিছে”, দলীয় নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত প্ৰায় এবছৰ ধৰি বহিষ্কৃত হৈ থকা নেত্ৰীগৰাকীয়ে কয়।

বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাক্তন প্ৰভাৰী চন্দ্ৰশেখৰে মীৰা বৰঠাকুৰক অশালীন প্ৰস্তাৱ দিয়াৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰি এসময়ত দলৰ নেতৃবৰ্গক বিব্ৰত কৰিছিল বৰঠাকুৰে।

আজি নৰ্থ-ইষ্ট নাওৰ আগত ভৱিষ্যতবাণী কৰি নেত্ৰীগৰাকীয়ে, “বিজেপিৰ ৰাজনৈতিক ক্ষমতা নাইকিয়া হ’লে  এনে এটা দিন আহিব, যেতিয়া পুৰণা কৰ্মীয়ে আকৌ কার্যলয়টোৰ ৰখীয়া হ’ব লাগিব। আমি বিজেপিৰ বেয়া দিনত অফিচৰ ৰখীয়া আছিলোঁ। দহ-পোন্ধৰ বছৰৰ পিছত আমাক অফিচ ৰখীয়া হ’বলৈ আকৌ প্ৰয়োজন হ’ব। এওঁলোক বেলেগ দল ক্ষমতালৈ আহিলে সেই দললৈ গুচি যাব।”

“মই নিজকে স্বাভিমানী চহকী অসমীয়া মহিলা বুলি ভাবো। ৰাজনীতিত কেতিয়াও মই আপোচ আৰু তোষামোদ নকৰোঁ। সেই কাৰণেই মই উচ্চ আসনত যাব পৰা নাই ”, নিজৰ অৱস্থান সম্পৰ্কত নেত্ৰীগৰাকীৰ মত। তেওঁল লগতে কয়, “আমাক বিজেপিয়ে কিয় দূৰত ৰাখিছে তাৰ প্ৰমাণ আজি তেওঁলোকেই দিলে”।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd