খালী পেটৰ পৰা আৰম্ভ কৰা চাহকাপে আপোনাৰ ক্ষতিও কৰিব পাৰে

Some probable side-effects of tea

ছবি সৌজন্য-- Dailyhunt

চাহ আমাৰ সকলোৰে প্ৰিয়। ই বিশ্বৰে অন্যতম সৰ্বাধিক জনপ্ৰিয় পানীয়। চাহৰ বহু উপকাৰিতা আছে।

কিন্তু ইয়াত আমি আগবঢ়াইছো চাহৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া (side-effect) কিছুমান।

* খাদ্যনলীৰ কেন্সাৰ

২০০৮ চনত হোৱা এটা অধ্যয়নে দেখুৱাইছিল যে বেছি গৰম চাহ সেৱনে খাদ্যনলীৰ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে। নিয়মীয়াকৈ ক’লা চাহ সেৱনকাৰীৰ মাজত অধ্যয়নটো চলোৱা হৈছিল। গৰম (65-69°C/149-156°F) বা অতি গৰম (70°C/158°ৰ বেছি) চাহ খোৱাসকলৰ খাদ্যনলীৰ কেন্সাৰৰ সম্ভাৱনা বেছি।

* চাহে অষ্টিঅ’ফ্লুৰ’ছিছ কৰিব পাৰে

বেছি চাহ খাই হাড় নষ্ট হোৱা মানুহ আছে। নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত বেছি চাহ খাই হাড় ঠুনুকা আৰু সকলো দাঁত হেৰুওৱা ৪৭ বছৰীয়া এগৰাকী মহিলাৰ বিষয়ে বিস্তাৰিতভাৱে প্ৰকাশিত হৈছিল। প্ৰতিদিনে তেওঁ ১০০-১৫০ টী বেগ চাহ খাইছিল, ফলত তেওঁৰ দৈনিক ফ্লুৰাইড সেৱন হৈছিলগৈ > 20mg.

* চাহে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে

ইউনিভাৰ্ছিটি অৱ গ্লাছগ’ৰ গৱেষণাই অধিক চাহ সেৱনৰ লগত বৰ্ধিত প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা যুক্ত কৰিছে।

গৱেষণাটোৰ ইংগিত হৈছে দিনে সাত কাপতকৈ বেছি চাহ খোৱা মানুহৰ কমকৈ বা চাহ নোখোৱা (শূন্যৰ পৰা তিনি কাপ) মানুহতকৈ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা ৫০ শতাংশ বেছি।

* চাহৰ ঋণাত্মক কেফেইন পাৰ্শ্বক্ৰিয়া থাকিব পাৰে

চাহত প্ৰাকৃতিকভাৱে কেফেইন থাকে। কেফেইনে শক্তি আৰু সক্ৰিয়তা বৃদ্ধি কৰে, কিন্তু আপুনি যদি বেছিকৈ কেফেইন খায় বা কেফেইন সংবেদী, তেন্তে আপুনি ঋণাত্মক পাৰ্শ্বক্ৰিয়াত ভুগিব পাৰে।

সাধাৰণ ঋণাত্মক কেফেইন পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে শোৱাত অসুবিধা, বৰ্ধিত হৃদগতি, হতাশা, দুশ্চিন্তা ইত্যাদি।