• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া ভাষাত হাইফেন (-)- ৰ ব্যৱহাৰ

ৰাজীৱ শৰ্মা by ৰাজীৱ শৰ্মা
January 9, 2023 2:33 pm
421
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰণি কালত অসমীয়া ভাষাত হাইফেনৰ ব্যৱহাৰ নাছিল ৷ কিন্তু আজিকালি অসমীয়া ভাষা লিখোঁতে হাইফেনৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে ৷ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা এই হাইফেন ইংৰাজী ভাষাৰ পৰা আহিছে ৷

       হাইফেনৰ ব্যৱহাৰ জানিলে বানান শুদ্ধকৈ লিখাত সহায়ক হয় আৰু হাইফেনৰ শুদ্ধ ব্যৱহাৰে শব্দৰ শুদ্ধ উচ্চাৰণ কৰাত পঢ়ুৱৈক সহায় কৰে ৷ আনহাতে হাইফেন ব্যৱহাৰ কৰোঁতে ভুল হ’লে কিছুমান শব্দৰ অৰ্থ উলিয়াওঁতে আৰু উচ্চাৰণ কৰোঁতে খেলি-মেলি লাগে ৷ সেয়েহে হাইফেন ব্যৱহাৰৰ কেতবোৰ নিয়ম মানি চলিব লাগে ৷ এনে কিছুমান নিয়ম তলত উল্লেখ কৰা হ’ল ৷

Apply Now

      ¤ শব্দৰ আদি অক্ষৰৰ দ্বিত্ব বা অভ্যাস হ’লে সদায় হাইফেন লিখিব লাগে। যেনে :

আ-অলংকাৰ, গা-গাৰি, চা-চিনাকি, জা-জলপান, ডা-ডাঙৰীয়া, পা-পয়চা,ফা-ফুকন, ডা-ডাঙৰীয়া, বা-বতাহ, মা-মচলা, হয়-হস্তী ইত্যাদি ৷

      ¤ কিছুমান অনুৰূপ শব্দত হাইফেন লিখিব লাগে। যেনে :

অমুক-তমুক, আবোল-তাবোল, কিতাপ-চিতাপ, চৰাই-তৰাই, চাউল-তাউল, নদন-বদন, পানী-দুনি, ভাত-চাট, মাছ-তাছ, সোলোক-ঢোলোক ইত্যাদি ৷

       ¤ যুৰীয়া অনুকাৰ শব্দৰ মাজত হাইফেন দিব লাগে । যেনে :

কা-কা, ঘটং-ঘটং, চিঁ-চিঁ, টং-টং, বে-বে, মেও-মেও, বু-বু বা-বা, ইত্যাদি।

        ¤ এটা মাথোঁ মুক্ত অক্ষৰৰ শব্দৰ লগত অন্য শব্দ, প্ৰত্যয় বা বিভক্তি যোগ হ’লে হাইফেন দিব লাগে । হাইফেন নিদিলে এনে শব্দৰ উচ্চাৰণত আউল লাগে । যেনে :

গা-ধন, গা-ভাৰি, ন-অসমীয়া, ন-কইনা, ন-খোৱা, ন-দি, ন-নৈ, ন-পাম, ন-পুৰুষ, ৰ-লাগি, ৰ-ৰৈয়া, য-ধান, দ-কৈ, দ-বাট, কু-কথা, সু-পুৰুষ, ন-শিকাৰু ইত্যাদি ।

       ¤ কিছুমান অনুৰূপ শব্দত হাইফেন লিখিব লাগে। যেনে :

তেল-কুৰ, ৰূপ-বান ইত্যাদি ৷

       ¤ দ্বন্দ্ব সমাস হৈ সিদ্ধ হোৱা সমস্তপদত হাইফেন দিব লাগে। যেনে :

ককা-আইতা, গছ-বন, গা-পা, কাঁহী-বাতি, কোঁৱৰ-কুঁৱৰী, চৰাই-চিৰিকতি, দা-কুঠাৰ, বাচন-বৰ্তন, পাঁচ-ছয়, বিশ-পঁচিশ, ভাষা-সাহিত্য, মাছ-মাংস, মাছ-পুঠি, মাহ-চাউল, ল’ৰা-ছোৱালী, লক্ষ্মী-পার্বতী, শিৱ-পাৰ্ৱতী, লেতেকু-পনিয়ল, সভ্যতা-সংস্কৃতি, স্থাপত্য-ভাস্কৰ্য, হৰ-গৌৰী, হাত-ভৰি ইত্যাদি ৷

       ¤ দুটাতকৈ অধিক শব্দৰ সমস্তপদতো হাইফেন দিব লাগে। যেনে :

ধান-মাহ-সৰিয়হ, ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ, ভাষা-সাহিত্য-সংস্কৃতি, সত্য-শিৱ-সুন্দৰ ইত্যাদি।

        ¤ তিনিটাতকৈ অধিক শব্দ লগ লগাব লগা হ’লে, দুটাৰ পিচত কমা দি তাৰ পিচত বাকী দুটা বা তিনিটা শব্দ হাইফেন দি লিখিব লাগে। যেনে :

ডেকা-গাভৰু, ল’ৰা-বুঢ়া, মতা-তিৰোতা, কলা-সংস্কৃতি, ভাষা-সাহিত্য, সভ্যতা-সংস্কৃতি, ইত্যাদি।

        ¤ বিভক্তিযুক্ত যুৰীয়া শব্দতো হাইফেন দিব লাগে। যেনে :

বাপেকে-পুতেকে, পুতেকে-জীয়েকে, পৰ্বতে-কন্দৰে, পাহাৰে-ভৈয়ামে, ভিতৰে-বাহিৰে, শয়নে-সপোনে, চহৰে-নগৰে ইত্যাদি ৷

           ¤ নঞর্থক উপসৰ্গ ‘অনা’ সন্ধি হৈ লগ নালাগিলে কিছুমান শব্দত হাইফেন দিব লাগে। যেনে :

অনা-অসমীয়া, অনা-কটা, অনা-মেঘে ইত্যাদি।    

        ¤ বর্ণ, ধ্বনি বা আখৰ বুজাবলৈও হাইফেন দিব লাগে। যেনে :

অ-বর্ণ, ক-বর্ণ, আ-ধ্বনি, ই-আখৰ, ঈ-আখৰ, ঋ-কাৰ, ঐ-কাৰ, ঔ-কাৰ য়-কাৰ, ৰ-কাৰ ইত্যাদি।

        ¤ ঊর্ধ্বকমাৰ ভিতৰত থকা শব্দৰ পিচত প্রত্যয় বা বিভক্তি যোগ দিলে হাইফেন দিব লাগে। যেনে :

‘নৃত্যৰতা পৃথিৱী’-ৰ কবি নীলমণি ফুকন, ‘বিশ্বায়ন’-ৰ গ্ৰন্থকাৰ ড° হীৰেন গোহাঁই, ‘ৰামায়ণ’-খন, ‘মহাভাৰত’-খন ইত্যাদি ৷

       ¤ অন্য ভাষাৰ লিপিত কোনো শব্দ লিখিব লাগিলে আৰু সেই শব্দত অসমীয়া প্ৰত্যয় বা বিভক্তি যোগ দিব লগীয়া হ’লে তাতো হাইফেন দিব লাগে। যেনে :

 Shakespeare -অৰ নাটক, New York-অলৈ যাম ইত্যাদি।

        ¤ কেতিয়াবা কোনো শব্দক বন্ধনীৰ ভিতৰত ব্যাখ্যাৰে বুজাব লগীয়া হ’লে বন্ধনীৰ পিছত হাইফেন দি বিভক্তি যোগ কৰিব লাগে। যেনে :

শ্ৰীমতী অৱন্তিকা (মুনু)-ৰ বিয়ালৈ, বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ. জি. চি.)-ৰ, আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি (আই.পি.এ)-ৰ ইত্যাদি।

         ¤ কোনো এটা শাৰীৰ শেষৰ শব্দ ভাঙি পিছৰ শাৰীলৈ নিব লগীয়া হ’লেও আগৰ শাৰীৰ অন্তত হাইফেন লিখিব লাগে।

         ¤ ব্যতিহাৰ বহুব্ৰীহি সমাসৰ পদটো দীঘল হ’লে হাইফেন দিব লাগে। যেনে : আঁজোৰা-আঁজুৰি, কামোৰা-কামুৰি, দবৰা-দবৰি ইত্যাদি।

           কিছুমান শব্দত হাইফেন দিব নালাগে ৷ তেনে শব্দবোৰ তলত দিয়া হ’ল :

       ¤ চুটি শব্দৰ দ্বিত্ব হ’লে হাইফেন নালাগে। যেনে :

মাছমাছ গোন্ধাইছে, জ্বৰজ্বৰ লাগিছে  ইত্যাদি।

       ¤ তৎপুৰুষ সমাসসিদ্ধ চুটি পদত হাইফেন দিব নালাগে। যেনে :

কথাচহকী, দীনদুখী, দীনদয়াল, প্রাণীতত্ত্ব, প্রাণীবিদ্যা, জীৱবিদ্যা, ভাষাবিজ্ঞান, ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্ব ইত্যাদি

        ¤ ব্যতিহাৰ বহুব্রীহি সমাসবদ্ধ পদটো চুটি হ’লে হাইফেন দিব নালাগে। যেনে :

হতাহতি, কটাকটি, মুখামুখি, টনাটনি, ঠেলাঠেলি ইত্যাদি।

         ¤ উপসৰ্গবোৰ সন্ধি হৈ লগ নালাগিলে হাইফেন নিদি ওচৰা-উচৰিকৈ লিখিব লাগে । যেনে :

অতিকায়, অতিমাত্রা, উপবন, উপনদী, উপৰাষ্ট্ৰপতি,  উপপ্রধানমন্ত্রী, অধিবিদ্যা, অতিমানব, অভিসম্পাত, ইত্যাদি।

কিন্তু দুটা বা অধিক উপসর্গৰ সন্ধি নহ’লে হাইফেন লিখিব লাগিব । যেনে :

উপ-অভিযন্তা, সহ-অধিনায়ক ইত্যাদি।

¤ উপসৰ্গ ‘অনা’ যোগ হ’লেও কিছুমান শব্দত হাইফেন দিয়া নহয় ৷ যেনে : 

অনাতাঁৰ, অনাদোষ, অনাবৃষ্টি, অনাভুৱা, অনাহক ইত্যাদি । ¤

ৰাজীৱ শৰ্মা

ৰাজীৱ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd