DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব লখিমপুৰ খেৰীত নিহত কৃষকৰ পুত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2022 8:54 pm
Lakhimpur Kheri incident
162
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ খেৰীৰ ঘটনাত নিহত এজন কৃষকৰ পুত্ৰই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিবলৈ আগবাঢ়িছে।

নিহত কৃষক নাচতাৰ সিঙৰ ডাঙৰ পুত্ৰ জগদীপ সিঙে কয় যে তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত মিশ্ৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বিচাৰে।

তেওঁ কয় যে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিবলৈ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। ইয়াৰ পৰিৱৰ্তে তেওঁক লোকসভা নিৰ্বাচনত দল দুটা প্ৰাৰ্থিত্ব দিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে ৩ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰী হত্যাকাণ্ড সন্দৰ্ভত বিশেষ অনুসন্ধান দল(এছআইটি)ৰ দ্বাৰা দাখিল কৰা অভিযোগপত্ৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক ইতিমধ্যে মুল অভিযুক্ত বুলি উল্লেখ কৰা হৈছে।

অভিযুক্ত আশীষ মিশ্ৰ বৰ্তমান কাৰাগাৰত আছে। সমগ্ৰ দেশতে খলকনি তোলা এই নৃশংস হত্যাকাণ্ডত নাচতাৰ সিঙকে ধৰি চাৰিজন কৃষকক মন্ত্ৰীপুত্ৰৰ গাড়ীৰ কনভয়ে মহতীয়াই নিছিল।

৩১ বছৰীয়া জগদীপ সিঙে কয় যে তেওঁৰ পৰিয়ালৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাই। “মই এছপি, বিএছপি আৰু কংগ্ৰেছকে ধৰি কাৰো সমৰ্থক নহয়। বৰ্তমান আমি নিৰ্বাচনত কৃষক নেতা তেজিন্দৰ সিং ভিৰ্কক সমৰ্থন আগবঢ়াইছো।” তেওঁ কয়।

আনহাতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা এতিয়ালৈকে বৰ্খাস্ত নকৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জগদীপ সিঙে কয় যে একমাত্ৰ ব্ৰাহ্মণ ভোট বেংকৰ লোভতে কেন্দ্ৰীয় চৰকাৰে এই কাম কৰা নাই।

“কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ পদৰ পৰা মিশ্ৰক অপসাৰণ নকৰাটো এটা অতি ডাঙৰ নিৰ্বাচনী বিষয়। ব্ৰাহ্মণ ভোট হেৰুওৱাৰ ভয়ত চৰকাৰে মিশ্ৰক আঁতৰ কৰা নাই।”- জগদীপ সিঙে কয়।

যেতিয়ালৈকে মিশ্ৰ গৃহ ৰাজ্যিক মন্ত্ৰীৰ পদত থাকে, তেতিয়ালৈকে কৃষক পৰিয়াল সমূহে ন্যায় লাভ নকৰে বুলিও উল্লেখ কৰে জগদীপে কয়।

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd