ৰাজু ৰঘুবংশীৰ লগত বিয়াৰ হোৱাৰ পূৰ্বে ৰাজ কুশৱাহাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা পৰিয়ালক জনাইছিল সোণমে। আনকি সোণমে সকীয়াই দিছিল যে তাইক জোৰকৈ বিয়া দিলে তাই যিকোনো পৰ্যায়লৈ যাব পাৰে।
আজি গোটেই দেশেই জানে যে প্ৰকৃততে সোণমে এটা ভয়ংকৰ অপৰাধ সংঘটিত কৰিছে। প্ৰেমিকৰ লগত পৰিকল্পনা কৰি ভাড়াতীয়া হত্যাকাৰীক নিয়োগ কৰি মেঘালয়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰিছে।
ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে জনাইছে যে সোণমে বিয়াৰ পূৰ্বে নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা পৰিয়ালক জনাইছিল। তেওঁৰ দাবী, সোণমে ৰাজ কুশৱাহাৰ সৈতে থকা সম্পৰ্কৰ কথা মাকক জনাইছিল। যদিও তাইৰ মাক আৰু সমগ্ৰ পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাছিল।
ইয়াৰ বিপৰীতে তেওঁলোকে সোণমক ক’লে, “তুমি ভালপোৱা মতেই বিয়া পাতিব পাৰিবা কিন্তু তুমি নিজৰ জাতিৰ ল’ৰা এটাক বিয়া কৰাব লাগিব।” ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে দাবী কৰে যে ইয়াৰ উত্তৰত সোণমে পৰিয়ালৰ লোকসকলক সকীয়াই দিছিল, “ঠিক আছে, মোক য’তেই বিচাৰে তাতেই বিয়া দিয়ক, আৰু তাৰ পিছত কিবা ঘটনা হ’লে মোক জগৰীয়া নকৰিব।”
মন কৰিবলগীয়া যে যোৱা ২০ মে’ত নৱবিবাহিত দম্পতী ৰাজা ৰঘুবংশী আৰু সোণম হানিমুনত মেঘালয়লৈ গৈছিল।২৩ মে’ত চেৰাপুঞ্জী পোৱাৰ পিছত নিৰুদ্দেশ হৈছিল দম্পতীহাল। ঘটনাটোৰ ১১ দিনৰ পাছত জলপ্ৰপাতৰ খাৱৈৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে সোণমক বিচাৰি পোৱা নগ’ল। ইফালে সোমবাৰে গাজীপুৰৰ পৰা ঘৰলৈ ফোন কৰে সোণমে।
ইয়াৰ পিছত আৰক্ষীয়ে সোণমক আটক কৰি জেৰা কৰিবলৈ আৰম্ভ কৰে। সোণমৰ বক্তব্যত অসামঞ্জস্যতা লক্ষ্য কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত আৰক্ষীয়ে এই হত্যাকাণ্ডৰ কথা জানিব পাৰে।