• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খামেনেইৰ হত্যাকাণ্ডত কিয় মৌন মোডী? কাশ্মীৰৰ কথা সোঁৱৰাই কেন্দ্ৰক সমালোচনা ছোনিয়া গান্ধীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 3, 2026 11:10 am
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ হত্যাকাণ্ডক লৈ নিমাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে মোডীৰ এই মৌনতাক লক্ষ্য কৰি সমালোচনা কৰে। কাশ্মীৰৰ কথা সোঁৱৰাই দি কেন্দ্ৰৰ বিৰদ্ধে সৰৱ কংগ্ৰেছ নেত্ৰীগৰাকী।

ছোনিয়া গান্ধীয়ে কয়, “১৯৯৪ চনত মুছলমান দেশসমূহৰ মিত্ৰজোঁট ‘অ’আইচি’ (অৰ্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেচন)-এ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগত কাশ্মীৰ সন্দৰ্ভত ভাৰত বিৰোধী প্ৰস্তাৱ উত্থাপন কৰিছিল। কিন্তু সেই সময়ত আমাৰ বন্ধু ইৰাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ইয়াক বাধা দিছিল।”

Apply Now

গান্ধীয়ে দাবী কৰে যে তেহৰাণৰ হস্তক্ষেপৰ বাবে স্পৰ্শকাতৰ সময়ত কাশ্মীৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইছ্যু হিচাপে উত্থাপন কৰাৰ চেষ্টা ব্যৰ্থ হয়। তেওঁ কয়, “সেই সময়ত ভাৰত অৰ্থনৈতিক সংস্কাৰৰ প্ৰাৰম্ভিক পৰ্যায়ত আছিল। আন্তঃৰাষ্ট্ৰীয় টাপ সৃষ্টি হ’লে দেশৰ কূটনৈতিক আৰু অৰ্থনৈতিক অৱস্থা অধিক জটিল হৈ পৰিব পাৰিলেহেঁতেন।”

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ইৰাণে বিগত সময়ত কাশ্মীৰৰ ওপৰত ভাৰতৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰিছিল। গতিকে সাম্প্ৰতিক পৰিস্থিতিত নতুন দিল্লীৰ স্থিতি আৰু মৌনতা যথেষ্ট উদ্বেগজনক।

উল্লেখ্য যে যোৱা শনিবাৰে পুৱা ইৰাণক আক্ৰমণ কৰিছিল ইজৰাইলে। আমেৰিকাইও তাত যোগদান কৰে। শনিবাৰে পুৱা ইজৰাইলে প্ৰথমবাৰৰ বাবে তেহৰাণত আক্ৰমণ কৰে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় বিস্ফোৰণ। তাতেই খামেনেই নিহত হয়।

ইজৰাইলে শনিবাৰে নিশা ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ইজৰাইল আৰু আমেৰিকাই কিয় খৰখেদাকৈ পুৱা ৭ বজাত ইৰাণক আক্ৰমণ কৰিলে? অৱশেষত প্ৰকাশ পালে প্ৰকৃত কাৰণ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ গোপন তথ্য ইজৰাইলৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ হাতত পৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শনিবাৰে পুৱা ৯:২৭ বজাত ৰাজধানী তেহৰাণত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই তেওঁৰ কাৰ্যালয়ত কৰ্মৰত আছিল। তেওঁৱেই গোপনে এখন বৈঠক মাতিছিল। এই বৈঠকৰ বিষয়ে তথ্য তেওঁৰ ঘনিষ্ঠ সহযোগীসকলেহে জানিছিল।

জানিব পৰা মতে, পুৱা ৯ বজাত আলী খামেনেই তেহৰাণত এই বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। সেই তথ্য ইজৰাইলৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা মোছাদক ফাদিল কৰিছিল খামেনেইৰ এজন ঘনিষ্ঠ সহযোগীয়ে। নিশা হ’বলগীয়া আক্ৰমণটোৱে খামেনেইৰ গোপন ঘাটিটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে লগে লগে তেহৰাণক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026 2:44 pm
AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd