সোণোৱাল বনাম মোদী চৰকাৰ: অসমৰ পৰিস্থিতি সন্দৰ্ভত বিপৰীত মেৰুত কেন্দ্ৰ, ৰাজ্য

দুই চৰকাৰৰ বিপৰীত স্থিতিত সিদ্ধান্তত উপনীত হ’ব নোৱাৰি অসন্তুষ্ট গৃহ পৰিক্ৰমা বিষয়ক সংসদীয় সমিতি।

narendra modi sarbananda sonowal

নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

সুশাসনৰ প্ৰতিশ্ৰুতি দিয়া একেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ নিৰাপত্তাজনিত পৰিস্থিতি সন্দৰ্ভত অৱস্থান কৰিছে সম্পূৰ্ণ বিপৰীত মেৰুত।

দুই চৰকাৰৰ “বিপৰীতমুখী” স্থিতিৰ ফলত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA)ক লৈ সৃষ্টি হৈছে অদ্ভূত “স্ব-বিৰোধী’’ (paradoxical) পৰিস্থিতি, এই তথ্য খোদ ভাৰতৰ গৃহ পৰিক্ৰমা বিষয়ক সংসদীয় সমিতিৰ।

ফলত ১৯৯০ চনৰে পৰা অসমত বলবৎ হৈ থকা “দমনমূলক”ৰূপে বহু সমালোচিত আইনখন বাহাল ৰখা নৰখাক লৈ কোনো সিদ্ধান্ত (conclude)ত উপনীত হ’ব নোৱাৰি “অসন্তুষ্টি” ব্যক্ত কৰিছে সমিতিখনে।

“অসমৰ পৰিস্থিতিক লৈ বিপৰীতমুখী বোধ (perceptions)ৰ ফলত সমিতি সিদ্ধান্তত উপনীত হ’ব পৰা নাই। এহাতে মন্ত্ৰ্যালয়ে সজোৰে কৈছে যে অসমৰ নিৰাপত্তাজনিত পৰিস্থিতি উন্নত হৈছে, আৰু আনহাতে আফস্পাৰ অধীনত অঞ্চলটোক অশান্ত এলেকাৰূপে ঘোষণাৰ ম্যাদ বঢ়াই দিয়া হৈছে,” দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ দিহাক লৈ এই প্ৰতিবেদন কংগ্ৰেছ নেতা, ভাৰতৰ প্ৰাক্তন গৃহ মন্ত্ৰী পি চিদাম্বৰমৰ অধ্যক্ষতাৰ সমিতিখনৰ।

দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ এই স্ব-বিৰোধিতাৰ ভিত্তি হৈছে সোণোৱাল চৰকাৰৰ আবেদন। অসমৰ নিৰাপত্তাজনিত পৰিস্থিতি “উন্নত” বোলা কেন্দ্ৰৰ দাবীৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰে সমগ্ৰ ৰাজ্যক “অশান্ত অঞ্চল”ৰূপে ঘোষণা কৰি আইনখনৰ ম্যাদ বৰ্ধিত কৰাৰ বাবে আবেদন কৰিছে।

আনহাতে উত্তৰ-পূবত বিদ্ৰোহ-সম্পৰ্কীয় ঘটনাবোৰ কমাৰ বিপৰীতে অসমত অপহৰণৰ দৰে অপৰাধ নকমাক লৈয়ো সমিতিখনে নিজৰ উদ্বিগ্নতা ব্যক্ত কৰিছে।

লগতে পঢ়ক– অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি হৈছে: ৰাজনাথ সিং

সোণোৱাল চৰকাৰ শাসনলৈ অহাৰ পৰা আনকি তাৰ পূৰ্বেই অপহৃত হোৱা বৃহৎসংখ্যক লোক আজিকোপতি উদ্ধাৰ হোৱা নাই, আৰু তাতোতকৈ গুৰুতৰ কথা ভুক্তভোগীসকলৰ ৮১ শতাংশই মহিলা।

লগতে পঢ়ক– নাৰীক জোৰ-জবৰদস্তিৰ দেশৰ শীৰ্ষস্থান অধিকাৰ অসমৰ

“এইটোৱে এনে অপহৰণ আৰু মানৱ সৰবৰাহৰ সম্পৰ্কৰো ইংগিত বহন কৰিব পাৰে। নাৰী অপহৰণৰ এই অতি বৃহৎ হাৰৰ কাৰণ উদঘাটনৰ বাবে সমিতিয়ে সেয়ে আন্তঃৰাজ্যিক তদন্তৰ পৰামৰ্শ দিয়ে,” প্ৰতিবেদনত প্ৰকাশ।

প্ৰণিধানযোগ্য যে অসমৰ পৰা ভাৰতৰ বিভিন্ন প্ৰদেশলৈ যুৱতী সৰবৰাহৰ চক্ৰ প্ৰায়েই ৰাজ্যত পোহৰলৈ আহে।

গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়টো উত্তৰ-পূবৰ নিৰাপত্তাজনিত পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি আহিছে।