• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

World Cup 2023: শ্বাসৰুদ্ধকৰ মেচত পাকিস্তানক হৰুৱাই শীৰ্ষত দক্ষিণ আফ্ৰিকা; কঠিন হৈ পৰিল বাবৰ বাহিনীৰ ছেমি ফাইনেলৰ পথ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 28, 2023 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলখনৰ নিৰ্ণায়ক মুহূৰ্তলৈ অহাৰ সময়ত দক্ষিণ আফ্ৰিকাক প্ৰয়োজন হৈছিল ১১ ৰানৰ। পাকিস্তানক প্ৰয়োজন হৈছিল মাত্ৰ ১টা উইকেট। এই স্থানৰ পৰাই কেশৱ মহাৰাজে প্ৰটিয়াছক বিজয়ী কৰে। শুকুৰবাৰে চেন্নাইত পাকিস্তানক ১ উইকেটত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই পইন্ট তালিকা শীৰ্ষস্থান দখল কৰে। দলটোৱে ৬খন মেচত ১০ পইণ্ট লাভ কৰিছে। এখন মেচ কম খেলাৰ পিছতো ভাৰতে একে সংখ্যক পইণ্ট লাভ কৰিছে। কিন্তু ৰান ৰেটত আগবাঢ়ি আছে প্ৰটিয়াছ বাহিনী।

বিশ্বকাপৰ ইতিহাসত পাকিস্তানে একেৰাহে চাৰিখন খেলত পৰাস্ত হৈছে। দক্ষিণ আফ্ৰিকা বিজয়ী মেচখনত পৰাস্ত হ’বলৈ ওলাইছিল। চাপত প্ৰটিয়াছৰ বেটিং লাইনআপ ভাঙি পৰিছিল। কিন্তু অৱশেষত ৰুদ্ধশ্বাস জয়। চলিত বিশ্বকাপৰ এতিয়ালৈকে আটাইতকৈ শ্ৰেষ্ঠ মেচ আছিল এইখন।

এটা সময়ত দক্ষিণ আফ্ৰিকাই ৫ উইকেটত ২৩৫ ৰান সংগ্ৰহ কৰিছিল। বিজয়ৰ বাবে আৰু ৩৬ ৰানৰ প্ৰয়োজন হৈছিল। হাতত ৫টা উইকেট আছিল। কিন্তু এই স্থানৰ পৰা দক্ষিণ আফ্ৰিকাই মেচখন কঠিনভাৱে জয়লাভ কৰে।

Apply Now

পাকিস্তানে ৪৬.৪ অভাৰত ২৭০ ৰান সংগ্ৰহ কৰি অল আউট হয়। উত্তেজনাপূৰ্ণ মেচত লক্ষ্য অনুসৰণ কৰি ৪৭.২ অভাৰত বিজয়ী ৰাণত উপনীত হয় প্ৰটিয়াছে। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পিছত পাকিস্তানৰ ছেমি ফাইনেলৰ পথ অধিক কঠিন হৈ পৰিল।

বাবৰ বাহিনীৰ ৬ খন মেচত ৪ পইণ্ট। পাকিস্তানৰ বাকী তিনিখন খেল আছে বাংলাদেশ, নিউজিলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে। বাকী সকলো মেচত জয়ী হ’লেও ১০ পইণ্ট পৰ্যন্ত লাভ কৰিব পাৰিব। তেনে ক্ষেত্ৰত পাকিস্তানে বাকী দলবোৰৰ ফলাফললৈ চাব লাগিব।

পৰাজয়ৰ হেট্ৰিকেৰে পাকিস্তানে ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছিল। শুকুৰবাৰে বাবৰ বাহিনীয়ে মৰণপণ যুঁজৰ মাজত সোমাই পৰে। অন্তিম চাৰিখনৰ আশা জীয়াই ৰাখিবলৈ জয়ী হোৱাটো জৰুৰী আছিল।

টছত জয়ী হৈ পাকিস্তানে চেন্নাইত বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু আৰম্ভণিতে মুখঠেকেচা খালে। দুয়োজন অ’পেনাৰে ৰান নাপালে। ৩৮ ৰানত ২ উইকেট হেৰুৱায়। বাবৰ আজমে দলটোক পুনৰ যুঁজৰ মাজলৈ আনে। ১ টা ছয় আৰু ৪টা চাৰিৰ সহায়ত পাকিস্তানৰ অধিনায়কগৰাকীয়ে ৬৫টা বলত ৫০ ৰান সংগ্ৰহ কৰি আউট হয়। মহম্মদ ৰিজৱানে ভাল আৰম্ভণি কৰিছিল যদিও ৩১ ৰানত উভতিছিল।

পাকিস্তানে ১৪১ ৰানত ৫ উইকেট হেৰুৱায়। কিন্তু লৱাৰ অৰ্ডাৰৰ সফলতাৰ বাবে অৱশেষত পাকিস্তানে যুঁজ দিব পৰা স্কোৰত উপনীত হ’ল। ছয় নম্বৰলৈ নামি ছাউদ ছাকিলে অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৫২টা বলত ৭টা চাৰিৰে ৫২ ৰান সংগ্ৰহ কৰে। উইকেটৰ আনটো মূৰত অনবদ্য ছাদাব খান। তেওঁ ২টা ছয় আৰু ৩টা চাৰিৰ সহায়ত ৩৬টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। মহম্মদ নৱাজে গুৰুত্বপূৰ্ণ ২৪ ৰান সংযোজন কৰে। কিন্তু পাকিস্তানে গোটেই ৫০ অভাৰ বেটিং কৰিব নোৱাৰিলে। ৪৬.৪ অভাৰত ২৭০ ৰানত অন্ত পৰে ইনিংছৰ।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি আৰম্ভণিতে ওভতে কুইণ্টন ডি ককে। ফৰ্মত থকা উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ২৪ ৰান সংগ্ৰহ কৰে। ৩৪ ৰানত প্ৰথম উইকেট হেৰুৱায় দক্ষিণ আফ্ৰিকা। টেম্বা বাভুমা ২৮ ৰানত আউট হয়। ব্যৰ্থ ভ্যান ডেৰ ডুচেনও। তেওঁ ২১ ৰানত উভতি যায়। আইডেন মাৰ্ক্ৰামে একমাত্ৰ দলটোক ধৰি ৰাখিছিল। ডেভিদ মিলাৰে তেওঁক কিছু সমৰ্থন দিয়ে। এই যুটিয়ে পঞ্চম উইকেটত ৭০ ৰান সংযোজন কৰে। ৩৩টা বলত ২৯ ৰান কৰি আউট হয় মিলাৰ। ইয়াৰ পিছতে মাৰ্কো জান্সেন (২০) উভতি যায়।

শেষত দক্ষিণ আফ্ৰিকা অলপ চাপত পৰিছিল। প্ৰটিয়াছ বাহিনীয়ে মাৰ্ক্ৰামকলৈয়েই সপোন দেখি আছিল। কিন্তু মাত্ৰ ৯ ৰানৰ বাবে তেওঁ শতক বঞ্চিত হয়। মাৰ্ক্ৰামে ৯৩টা বলত ৯১ ৰান সংগ্ৰহ কৰি আউট হয়। তেওঁৰ ইনিংছত আছিল ৩টা ছয় আৰু ৭টা চাৰি। দক্ষিণ আফ্ৰিকাই ৫ উইকেটত ২৩৫ ৰান সংগ্ৰহ কৰে।

ইপিনে, শ্বাহীন শ্বাহ আফ্ৰিদীয়ে একেৰাহে দুটা উইকেট দখল কৰি পাকিস্তানক পুনৰ মেচলৈ ঘুৰাই আনে। কিন্তু শেষ ৰক্ষা নহ’ল। অৱশ্যে শেষ মুহূৰ্তলৈকে যুঁজ দিয়াৰ কৃতিত্ব পাকিস্তানৰ বলাৰসকলক দিবই লাগিব।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd