NORTHEAST NOW (Assamese)

মৰ্মান্তিক : মাত্ৰ ২৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি ল’লে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় অভিনেত্ৰী কিম ছাই ৰণে

February 18, 2025 7:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 18, 2025 7:16 pm

মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল’লে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় অভিনেত্ৰী কিম ছাই ৰণে।

সোমবাৰে আৰক্ষীয়ে কয় যে অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছে। অৱশ্যে এতিয়ালৈকে কোনো চুইচাইড নোট লাভ কৰা নাই।

জানিব পৰা মতে, চিউলৰ চেংডং-গুৰ নিজা বাসগৃহত উদ্ধাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক দেহ।

শেহতীয়াকৈ নেটফ্লিক্সৰ শ্ব’ ব্লাডহাউণ্ডছত দেখা গৈছিল কিমক।

চিউলৰ এজন আৰক্ষী বিষয়াই কয় যে, “এতিয়ালৈকে কিমৰ ঘৰত বাহিৰা লোকৰ প্ৰৱেশ বা অন্যান্য অপৰাধমূলক ঘটনাৰ কোনো প্ৰমাণ নিশ্চিত হোৱা নাই। মৃত্যুৰ সন্দৰ্ভত তদন্ত চলি আছে।”

উল্লেখ্য যে ২০২২ চনৰ মে’ মাহত ডি ইউ আইৰ গোচৰৰ আওতালৈ আহিছিল কিম। তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। মদ্যপান কৰি গাড়ী চলাই বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত খুন্দা মৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছিল তেওঁৰ।

ইয়াৰ পিছতে ২ কোটি ৱন জৰিমনা বিহা হৈছিল অভিনেত্ৰীগৰাকীক। এই ঘটনাৰ পিছত জনমানসত হেয় প্ৰতিপন্ন হৈছিল কিম। জীৱন নিৰ্বাহৰ বাবে এখন কেফেত কাম কৰিবলগা হৈছিল অভিনেত্ৰীগৰাকীয়ে। যাৰ ফলত মানসিকভাবে ভাগি পৰিছিল অভিনেত্ৰীগৰাকী।

Related News