মূলসুঁতিৰ ভাৰতীয় নেতাৰ জ্ঞানৰ নমুনা: সজাগতা সৃষ্টিকাৰী মণিপুৰী যুৱতীক সজালে বিদেশী

SP leader call Manipur girl foreigner

উত্তৰ-পূবাঞ্লৰ বাসিন্দাসকলৰ প্ৰতি মূলসুঁতিৰ ভাৰতীয় বুলি গৌৰৱ কৰা অধিকাংশ লোকৰে বৈষম্যমূলক ধ্যান-ধাৰণা সময়ে সময়ে স্পষ্টৰূপত প্ৰতিফলিত হৈ আহিছে। উত্তৰ-পূবৰ লোকসকলক প্ৰায়ে জংঘলী, বিদেশী আখ্যা দি মূলসুঁতিৰ ভাৰতীয়ই অপমানজনক মন্তব্য কৰা দেখিবলৈ পোৱা যায়।

নিজকে নিৰ্ভেজাল ভাৰতীয় বুলি গৌৰৱ কৰা এই লোকসকলৰ এইদৰে প্ৰকাশ কৰি অহা বৈষম্যমূলক আচৰণৰ জৰিয়তে ভৌগোলিক জ্ঞানৰ নমুনা স্পষ্টৰূপত প্ৰকাশ পায়। এইবাৰ দেশৰ এগৰাকী জেষ্ঠ ৰাজনৈতিক নেতাই উদঙাই দিছে এই ফোঁপোলা জ্ঞানৰ স্বৰূপ।

সমাজবাদী পাৰ্টিৰ (এছপি) জ্যেষ্ঠ নেতা মনীষ জগন আগৰৱালে মণিপুৰৰ এগৰাকী যুৱতীক বিদেশী বুলি অভিহিত কৰি এতিয়া সামাজিক মাধ্যমত ব্যাপক নিন্দাৰ সন্মুখীন হৈছে।

মণিপুৰৰ লিচিপ্ৰিয়া কাংগুজাম নামৰ যুৱতীগৰাকীয়ে হাতত এখন প্লে’কাৰ্ড লৈ তাজমহলৰ ওচৰত প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এখন ফটো প্ৰকাশ কৰিছিল।

কিন্তু সমাজবাদী পাৰ্টিৰ নেতাগৰাকীয়ে এই যুৱতীগৰাকীক বিদেশী পৰ্যটক বুলি আখ্যা দি তেওঁৰ ফটোখন ব্যৱহাৰ কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰক সমালোচনাৰ চেষ্টা চলায়।

এক টুইট যোগে তেওঁ কয়, “বিদেশী পৰ্যটকসকলেও বিজেপি চৰকাৰক বাস্তৱ অৱস্থা দেখুৱাবলৈ বাধ্য হৈছে। যমুনা নদী বিজেপি চৰকাৰৰ কাৰ্যকালত আৱৰ্জনাৰে ভৰি পৰিছে। তাজমহলৰ সৌন্দৰ্যৰ ক্ষেত্ৰত ই এক কলঙ্ক হিচাপে থিয় দিছে। এগৰাকী বিদেশী পৰ্যটকে বিজেপি চৰকাৰক এই ছবিখন দেখুওৱাৰ প্ৰয়োজন হোৱাটো লজ্জাজনক।”

মনীষ জগন আগৰৱালে ফটোখন টুইট কৰাৰ পিছতে কাংগুজামে ৰাজনীতিবিদ গৰাকীৰ এই কাৰ্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

টুইট যোগে কাংগুজামে কয়, “হেল্ল ছাৰ, মই এজন গৌৰৱান্বিত ভাৰতীয়। মই বিদেশী নহয়।”

কাংগুজামৰ এই প্ৰতিক্ৰিয়াৰ পিছতে সামাজিক মাধ্যমত বহু লোকেই সমাজবাদী পাৰ্টিৰ নেতাগৰাকীৰ এই নিৰ্লজ জ্ঞানৰ বাবে তীব্ৰ নিন্দা কৰিছে।