• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘাতক অত্যাধুনিক মাৰাণাস্ত্ৰ, নিৰ্দয় আক্ৰমণৰ প্ৰশিক্ষণেৰে কাজিৰঙাত সাজু হৈছে বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দল

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
June 28, 2019 3:52 pm
IMG-20190628-WA0010

বিশেষ গড় সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ অন্তত দীক্ষান্ত সমাৰোহত গঁড় সুৰক্ষা বাহিনীৰ দল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজ্যিক জন্তু গঁড় হত্যা ৰোধৰ বাবে উন্নতমানৰ প্ৰশিক্ষণৰ অন্তত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত গঁড় সুৰক্ষা বাহিনীৰ বিশেষ জোৱানৰ ঘাতক দল এটা সাজু হৈছে চোৰাং চিকাৰীক প্ৰত্যাহবান জনোৱাৰ বাবে।

সমৰকলাৰ বিশেষ ৰণকৌশল, ভূমি কৌশল, ক্ষীপ্ৰ অস্ত্ৰ চালনা আদি সকলো দিশত পাৰ্গত কৰি গঁড় সুৰক্ষাৰ বাবে সাজু কৰি তোলা হৈছে এই বিশেষ প্ৰতিৰক্ষা বাহিনীৰ দলটোক।

Apply Now

বিগত ৪২ সপ্তাহ নগাঁৱৰ বঢ়মপুৰত অৱস্থিত অসম আৰক্ষী বাহিনীত প্ৰশিক্ষণৰ অন্তত ৮২ জনীয়া ঘাতক দলটোৱে চোৰাং চিকাৰীক মৃত্যুৰ দুৱাৰদলিলৈ পঠিওৱাৰ বাবে কেবল শাৰীৰিকভাৱে নহয় মানসিকভাৱে প্ৰস্তুত হৈছে।

উল্লেখযোগ্য যে, বিশেষ প্ৰশিক্ষণৰ অন্তত সাজু হৈ উঠা দলটোক কাজিৰঙা ৰাষ্ট্ৰীয়  উদ্যানত গঁড়ৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পন কৰা হ’ব।

প্ৰশিক্ষণ কালছোৱাত বিশেষ বাহিনীটোক চোৰাং চিকাৰীৰ সৈতে যুঁজাৰ বাবে বিশেষ সমৰকলাৰ প্ৰশিক্ষণ দিয়া হৈছে। চৰকাৰে প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া বিশেষ দলটোৰ জোৱানসকলে ইতিমধ্যে সুনিপুণভাৱে নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।

আনহাতে, গড় সুৰক্ষা বাহিনীৰ প্ৰথমটো দল হিচাপে দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি প্ৰতিগৰাকী জোৱানে গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত দৃঢঢ় সংকল্প লয়।

আনহাতে অসম চৰকাৰে গঠন কৰা এই গড় সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণৰ অন্তত হোৱা দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে অসমৰ বন আৰু পৰ্যটন মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও জিলা উপায়ুক্ত শ্ৰী যাদৱ শইকীয়া আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে।

প্ৰশিক্ষণ কালৰ সময়ছোৱাত বিশেষ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মূখ্য অতিথি তথা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক শ্ৰী ৰাজমোহন ৰায়ে বটাঁ প্ৰদান কৰে।

ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে জোৱানসকলৰ মনোবল বঢ়াবলৈ আহ্বান জনোৱাৰ লগতে সুচাৰুৰূপে দায়িত্ব নিৰ্বাহৰ ক্ষেত্ৰত দৃঢ় হবলৈ আহ্বান জনায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ হ’ব লগা এই বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত জোৱান সকল কিমান সফল হয় সেয়া অনাগত সময়তেহে দেখা পোৱা যাব যদিও জোৱানসকলক লৈ এতিয়া আশাবাদী সমগ্ৰ অসমবাসী।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd