NORTHEAST NOW (Assamese)

হৰিদ্বাৰত ‘ধৰ্ম সংসদ’ত ঘৃণা ভৰা ভাষণৰ অভিযোগত অভিযুক্ত ধৰ্মীয় নেতাক গ্ৰেপ্তাৰ

January 16, 2022 11:12 am · এন ই নাও নিউজ,গুৱাহাটী

হৰিদ্বাৰত শেহতীয়াকৈ ‘ধৰ্ম সংসদ’ত ঘৃণা ভৰা ভাষণৰ অভিযোগত অভিযুক্ত ধৰ্মীয় নেতা য়াতি নৰসিংহানন্দক গ্ৰেপ্তাৰ কৰা হৈছে৷

যোৱা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা ৱাছিম ৰিজৱীৰ পিছত তেওঁ এই গোচৰত দ্বিতীয়গৰাকী গ্ৰেপ্তাৰ হোৱা ব্যক্তি ৷

গাজিয়াবাদৰ দাসনা মন্দিৰৰ বিতৰ্কিত পুৰোহিত য়াতি নৰসিংহানন্দ হৰিদ্বাৰত অনুষ্ঠিত অনুষ্ঠানটোৰ আয়োজকসকলৰ ভিতৰত আছিল৷ তেওঁ প্ৰায়ে কিছুমান সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰিছিল।

হিন্দু ধৰ্ম লৈ ধৰ্মান্তৰিত হোৱা আৰু এতিয়া নিজকে জিতেন্দ্ৰ ত্যাগী বুলি কোৱা ৰিজৱী এই গোচৰটোত প্ৰথম গ্ৰেপ্তাৰ হৈছিল।

উত্তৰ প্ৰদেশ কেন্দ্ৰীয় চিয়া ৱাকফ বোৰ্ডৰ এজন প্ৰাক্তন অধ্যক্ষ ৰিজৱীৰ বিৰুদ্ধে ধৰ্মৰ ভিত্তিত শত্ৰুতা বৃদ্ধি কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল।

পিছত সাগৰ সিন্ধু মহাৰাজৰ সৈতে আৰক্ষীৰ এজাহাৰত যতী নৰসিংহানন্দৰ নাম যোগ দিয়া হয়।

Related News