NORTHEAST NOW (Assamese)

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm · এন ই নাও নিউজ, গুৱাহাটী

ধাৰাসাৰ বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডিৰ ৰাস্তা-ঘাট সম্পূৰ্ণৰূপে পানীৰ তলত। তেনে সময়তে তালৈ আহিল এজন আচৰিত ব্যক্তি। স্পাইডাৰ-মেনৰ পোছাক পিন্ধি এজন ব্যক্তিয়ে পানী আৰু গাঁতেৰে ভৰা ৰাস্তাত আৱদ্ধ হৈ পৰা সাধাৰণ মানুহক পাৰ কৰাই দিছে আৰু সৰু ল’ৰা-ছোৱালীক কোলাত তুলি নিৰাপদ স্থানলৈ লৈ গৈছে। ভিৱাণ্ডিৰ এই স্পাইডাৰ-মেনজনৰ জনসেৱামূলক কামৰ ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে তেওঁক যথেষ্ট প্ৰশংসা কৰিছে।

জানিব পৰা মতে, যোৱা সোমবাৰে থানে জিলাত হোৱা প্ৰবল বৰষুণৰ বাবে ভিৱাণ্ডি আৰু ইয়াৰ আশে-পাশে থকা বহুতো ৰাস্তা সম্পূৰ্ণৰূপে ডুবি যায়। পানীৰ তলত ডাঙৰ ডাঙৰ গাঁত থকাৰ বাবে যাতায়াত অতি বিপদজনক হৈ পৰে আৰু বহুতো গাড়ীয়ে ভাৰসাম্য হেৰুৱাই পেলায়। এই পৰিস্থিতিত অঞ্চলটোৰ ভঞ্জাৰ পট্টি নাকাৰ ওচৰত ৰাস্তাত আৱদ্ধ লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে ছাদাব মোমিন নামৰ এজন কনটেণ্ট ক্ৰিয়েটৰ। তেওঁ স্পাইডাৰ-মেনৰ পোছাক পিন্ধি দুটা শিশুক নিজৰ কান্ধত তুলি নিৰাপদ স্থানলৈ লৈ যায়। ইয়াৰ লগতে মটৰচালকসকলক ৰাস্তা দেখুৱাই আৰু আন আন গাড়ীসমূহক পানীৰ মাজেৰে আগবাঢ়ি যোৱাত সহায় কৰে। যোৱা কেইবছৰমানৰ পৰা বৰষুণৰ সময়ত এনেদৰে ছুপাৰহিৰোৰ ৰূপ লৈ ভিডিঅ’ বনাই ছচিয়েল মিডিয়াত তেওঁ যথেষ্ট পৰিচিত হৈ পৰিছে।

ছাদাবে কয় যে তেওঁৰ এই প্ৰচেষ্টাৰ উদ্দেশ্য কেৱল মানুহক সাময়িক সহায় কৰাই নহয়, বৰঞ্চ প্ৰতি বছৰে ৰাস্তা মেৰামতি আৰু ড্ৰেইন পৰিষ্কাৰ কৰাৰ নামত চৰকাৰৰ ইমান ধন ব্যয় হোৱাৰ পিছতো কিয় বাৰে বাৰে এই সমস্যাটোৰ স্থানী সমাধান নাই হোৱা. সেই বিষয়টোৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা।

Related News