• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুফাল হ’ল অসমৰ বৃহৎ জাতীয় সংগঠন এ জে ৱাই চি পি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 23, 2019 6:49 pm
split in ajycp?

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতীক আৰু শ্ল’গান থকা ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুভাগ হ’ল নেকি অসমৰ বৃহৎ জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ?

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সৃষ্টি হোৱা পৰিৱেশৰ পিছতে এই প্ৰশ্ন উত্থাপিত হৈছে।

Apply Now

পলাশ চাংমাই আৰু ৰাণা প্ৰতাপ বৰুৱাৰ নেতৃত্বতে সংগঠনটোৰ বেছিভাগ নেতা-সদস্য থকাৰ বিপৰীতে “বহিষ্কৃত” কেইজনমান নেতাই তুলিছে সংগঠনটোৰ নেতৃত্ব-দাবী।

বহিষ্কৃত বিৰাজ তালুকদাৰ আৰু ৰিতুল পাঠক হৈছে “আনটো” ফৈদৰ ক্ৰমে সভাপতি আৰু সম্পাদক।

মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত পলাশ চাংমাই আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূল বিষয়ববীয়াৰ বিৰুদ্ধে এক সংবাদমেল সম্বোধন কৰাৰ বাবে যো-জা চলাইছিল আনটো ফৈদৰ সভাপতি বিৰাজ তালুকদাৰ আৰু সাধাৰণ সম্পাদক ৰিতুল পাঠকে।

উল্লেখযোগ্য যে, ৰিতুল পাঠকে যোৰহাট জিলা কমিটিৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল আৰু যোৱা ১৫ মাৰ্চত তেওঁক অসাংবিধানিক কাম-কাজত জৰিত থকাৰ অভিযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা বহিষ্কাৰ কৰিছিল।

কিন্তু বুধবাৰে তেওঁলোকক প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰাত বাধা দিলে পলাই চাংমাই আৰু ৰাণাপ্ৰতাপ বৰুৱাৰ ফৈদে। তেওঁলোকৰ প্ৰায় ১০০গৰাকী সদস্যই ৰিতুল পাঠকৰ ফৈদক প্ৰেছ ক্লাবত প্ৰৱেশ কৰাত বাধা দিবলৈ প্ৰেছ ক্লাবৰ সন্মুখত অৱস্থান কৰিছিল।

ইতিমধ্যে ৰিতুল পাঠকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেড ব্যৱহাৰ কৰি সাংবাদিকসকলক নিমন্ত্ৰণ জনাইছিল। কিন্তু সেই পেড বে-আইনীভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ তোলে পলাশ চাংমাই ফৈদে।

মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত অৱস্থান কৰি থকাসকলৰ মাজৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিজন গায়নে সংবাদ মাধ্যমৰ আগত কয় যে পৰিষদৰ সংবিধান মানি নচলাৰ অপৰাধত ৰিতুল পাঠকক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে।

“অবৈধ ধনৰ লেনদেন আৰু নাৰীলেংকাৰিৰ সৈতে জৰিত থকাৰ অপৰাধত ৰিতুল পাঠককে ধৰি অন্যান্য বহুকেইজনকে প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কৃত কৰা হৈছিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামত কোনোবাই গুৱাহাটী প্ৰেছ ক্লাবত প্ৰেছ মিট দিব, এই কথা মানি ল’ব নোৱাৰি। কি উদ্দেশ্যে অবৈধভাৱে ইয়াত সংবাদমেল দিব?” গায়নে কয়।

split in ajycp?
গুৱাহাটী প্ৰে’ছ ক্লাবত বুধবাৰে এ জে ৱাই চি পিৰ প্ৰায় এশগৰাকী সদস্যৰ সৈতে বিজন গায়ন।

তদুপৰি, যোৱা ১৩ জুলাইৰ দিনা পলাশ চাংমাই ফৈদে চান্দমাৰি আৰক্ষী থানাত ৰিতুল পাঠকৰ বিৰুদ্ধে সংগঠনটোৰ বিৰুদ্ধে অনৈতিক কাৰ্য্যত লিপ্ত থকাৰ অভিযোগ তুলি এক গোচৰ ৰুজু কৰিছিল।

আনহাতে, ৰিতুল পাঠকে সংবাদমেল সম্বোধন কৰাক কেন্দ্ৰ কৰি পলাশ চাংমাইয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, “সম্প্ৰতি ৰিতুল পাঠকে নিজকে কেন্দ্ৰীয় সমিতিৰ স্বয়ম্ভু সাধাৰণ সম্পাদক হিচাপে ঘোষণা কৰি বিভিন্ন কাম-কাজ অব্যাহত ৰখাৰ অপচেষ্টা কৰিছে।”

আনহাতে, পলাশ চাংমাইৰ ফৈদে এই অভিযোগ উত্থাপন কৰাৰ পাছতেই বহিষ্কৃত ৰিতুল পাঠকে তেওঁৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি কয়।

“জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছুসংখ্যক নেতাই একনায়কত্ববাদ চলোৱা আৰম্ভ কৰিছে। মোক সংবিধানবিৰোধী কাম-কাজত লিপ্ত হোৱা বুলি কৈছে, কিন্তু কেন্দ্ৰীয় সমিতিৰ মূল বিষয়াববীয়াই সংবিধান মানি চলা নাই। কেন্দ্ৰীয় সমিতিয়ে আলোচনামৰ্মে মোক বহিষ্কাৰ কৰা নাই। কেইগৰাকীমান বিষয়ববীয়াই আক্ৰোশমূলকভাৱে মোক বহিষ্কাৰ কৰিছে। যুৱ ছাত্ৰ পৰিষদত এতিয়া কেইজনমান নেতাৰ একনায়কত্ববাদ চলিছে।”

ইপিনে, “অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি পুতুল দত্তৰ বিৰুদ্ধে মিছাকৈ নাৰী কেলেংকাৰি (ৰ অভিযোগ) আনিছে” বুলি মন্তব্য কৰি তেওঁ কয় “পুতুল দত্তৰ বিৰুদ্ধে মহিলা পৰিষদৰ তিনিচুকীয়াৰ এগৰাকী মহিলাই অভিযোগ আনিছিল যদিও সেই অভিযোগ ইতিমধ্যে মিছা বুলি প্ৰমাণিত হৈছে। পুতুল দত্তই মহিলাগৰাকীক ফোনযোগে বেয়া ব্যৱহাৰ কৰা বুলি অভিযোগ দিছিল যদিও তেওঁ আৰক্ষীক কল ৰেকৰ্ড দিব পৰা নাছিল। কিন্তু পুতুল দত্তই সকলো কল ডিটেইল্স আৰক্ষীক জমা দিছিল। এই কথা মই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভাত ক’ম বুলি ভাবিছিলো। কিন্তু তাৰ পূৰ্বেই মোক ষড়যন্ত্ৰ কৰি দলৰ পৰা বহিষ্কাৰ কৰিলে।”

split in ajycp?
ৰিতুল পাঠক।

তদুপৰি, যোৱা মাৰ্চ মাহতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদক আৰু উপদেষ্টাসকলৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ তৰা বুলি তেওঁ কয়।

আনহাতে, তালুকদাৰ-পাঠক নেতৃত্বাধীন নতুন “কেন্দ্ৰীয় কমিটি” যোৱা ১৫ জুলাইৰ দিনা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠকত অনুষ্ঠিত কৰি পূৰ্ণাংগ ৰূপত গঠন হৈছিল বুলি জানিবলৈ দিয়ে ৰিতুল পাঠকে।

পাঠকে জনোৱা অনুসৰি উক্ত কমিটিৰ উপদেষ্টাৰ দায়িত্বত আছে দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, প্ৰভাস গোস্বামী, নিধিৰাম কাকতি আৰু ভূপেন তালুকদাৰ।

পাঠকৰ দাবী “কেইবাখনো জিলা কমিটি এই কেন্দ্ৰীয় সমিতিৰ ময়মতালিক লৈ অতিষ্ঠ হৈছে। গতিকে ইতিমধ্যে বহুকেইখন জিলা কমিটিয়ে আমাৰ সৈতে যোগাযোগ কৰিছে। প্ৰায় ১৫-২০ খন জিলা সমিতি আমাৰ সৈতে আছে।”

তদুপৰি, ৰঙিয়া, গুৱাহাটী মহানগৰ, দৰং, মাজুলী, যোৰহাট, বোকাখাত, তিনিচুকীয়া, ডিব্ৰুগড়, নলবাৰী, ওদালগুৰিকে ধৰি অন্য জিলা সমিতি নতুনকৈ গঠিত কেন্দ্ৰীয় সমিতিৰ সৈতে চামিল হৈছে বুলি দাবী কৰিছে পাঠকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd