শ্ৰীলংকাত বিদ্ৰোহৰ দাবানল: প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ

Sri Lanka Crisis

ভয়াৱহ অস্থিৰতা বিৰাজ কৰা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত প্ৰতিবাদকাৰীৰ ওপৰত এতিয়া দেখামাত্ৰেই গুলীচালনাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সময়ত দ্বীপৰাষ্ট্ৰ খনত মাৰাত্মক হিংসাই জোকাৰি গৈছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি “ৰাজহুৱা সম্পত্তি ধ্বংস কৰা বা জীৱনৰ ক্ষতি কৰা যিকোনো লোকক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে”।

উল্লেখ্য যে দেশজুৰি চৰকাৰ বিৰোধী প্ৰতিবাদ তুংগত থকাৰ মাজতে সোমবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই পদত্যাগ কৰিছিল।

ইফালে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীসকলক চৰকাৰী সমৰ্থকসকলে আক্ৰমণ কৰাৰ পিছতে দেশখনত পৰিস্থিতি হিংসাত্মক হৈ পৰে।

চৰকাৰী সমৰ্থক সকলৰ আক্ৰমণৰ পিছতে জনতাই শাসক-দলৰ ৰাজনীতিবিদসকলৰ ঘৰ জ্বলাই দিয়াৰ লগতে শাৰীৰিক আক্ৰমণো কৰে।

হিংসাত্মক প্ৰতিবাদৰ মাজতে মঙলবাৰে দেশখনত আঠজন লোকৰ মৃত্যু হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।