NORTHEAST NOW (Assamese)

Sri Lanka Crisis: দেশ এৰি পলাবলৈ লোৱাৰ সময়তে বিমানবন্দৰত আটক কৰা হৈছে বাচিল ৰাজাপাক্ষেক

July 12, 2022 3:38 pm · এন ই নাও নিউজ, গুৱাহাটী
বাচিল ৰাজাপাক্ষে।

Basil Rajapaksa stopped from leaving the country শ্ৰীলংকাৰ প্ৰাক্তন বিত্ত মন্ত্ৰী বাচিল ৰাজাপাক্ষেক দেশ এৰি যাবলৈ ওলোৱাৰ সময়তে বিমানবন্দৰত আটক কৰা হৈছে। ফলত তেওঁ দেশ এৰি যাব নোৱাৰিলে। স্থানীয় সংবাদ মাধ্যমসমূহে বাতৰিটো প্ৰকাশ কৰিছে।

সংবাদ সংস্থাৰ বাতৰি মতে আন যাত্ৰীসকলে প্ৰতিবাদ আৰম্ভ কৰাৰ বাবে বাচিলক বিমানখনত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। অৱশ্যে বাচিলে কোনখন দেশলৈ যোৱাৰ চেষ্টা কৰিছিল সেয়া জানিব পৰা হোৱা নাই।

লগতে পঢ়ক: Sri Lanka Crisis: ২০ জুলাইত শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন; অস্থিৰতাৰ মাজতেই আৰম্ভ তৎপৰতা

প্ৰতিবাদৰ সন্মুখীন হৈ বাচিলে যোৱা এপ্ৰিলত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ পূৰ্বে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈ দেশৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক অপসাৰণ কৰা হৈছিল। তেওঁ বুধবাৰে পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে। বৰ্তমান গোটাবায়া আৰু তেওঁৰ ভায়েক দেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষে ক’ত আছে সেয়া গোপনে ৰখা হৈছে।

প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহে ক’ত আছে সেইটোও গোপন ৰখা হৈছে। অৱশ্যে তেওঁ নিয়মীয়াকৈ কাৰ্যালয়ত থকা বুলি কোৱা হৈছে।

ডেইলী মিৰ’ৰত প্ৰকাশিত প্ৰতিবেদন অনুসৰি বাচিলে জনসাধাৰণৰ ক্ষোভৰ পৰা পৰিত্ৰাণ পাবলৈ কলম্বো বিমানবন্দৰৰ পৰা ডুবাইলৈ পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ তাত উপস্থিত হোৱাৰ লগে লগে আন যাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক: Supreme Court: গ্ৰীষ্ম বন্ধৰ পিছত কামলৈ উভতিয়ে গঢ়িলে অভিলেখ; এদিনতে ৪৪টা ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ!

অৱশেষত বিমানবন্দৰৰ ইমিগ্ৰেচন বিভাগৰ বিষয়াসকলে বাচিলক বিমানখনত উঠিবলৈ দিবলৈ অস্বীকাৰ কৰে। বাধাৰ সন্মুখীন হৈ তেওঁ বিমানবন্দৰ ত্যাগ কৰে।

দৰাচলতে, ৰাজাপাক্ষেসকলৰ চাৰিজন ভাই-ককাই। চামাল, মহিন্দা, গোটাবায়া আৰু বাচিল ৰাজপাক্ষে। চামাল ৰাজাপাক্ষেৰ প্ৰাক্তন অধ্যক্ষ। মহিন্দা ৰাজপাক্ষেই দীৰ্ঘদিন ধৰি শ্ৰীলংকা চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

Related News