• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আম্বানিৰ আইনী জাননীৰ প্ৰতিক্ৰিয়া : পুঁজিপতি গোষ্ঠীৰ সকীয়নিত শিৰনত নকৰে প্ৰদেশ কংগ্রেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2018 7:24 am
IMG-20180912-WA0012-750x375

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বৰাজোত্তৰ ভাৰতৰ সবাতোকৈ বৃহৎ সামৰিক কেলেংকাৰি হিচাবে অভিহিত কৰা তথা মোডী চৰকাৰৰ দিনত সংঘটিত হোৱা “ৰাফেল যুদ্ধ বিমান “ক্ৰয় কেলেংকাৰিৰ সন্দৰ্ভত মন্তব্য নিদিবলৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক অনিল আম্বানি নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ হৈ তেওঁৰ অধিবক্তা গোটে এখন সকীয়নিমূলক আইনী জাননী প্ৰেৰণ কৰিছিল।

প্ৰদেশ কংগ্রেছে আম্বানি গ্ৰুপৰ এনে কার্যক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এনে কার্যৰ দ্বাৰা গণতান্ত্রিক শাসন ব্যৱস্থাৰ অন্যতম স্তম্ভ বাক্ স্বাধীনতা আৰু মতামত ব্যক্ত কৰাৰ অধিকাৰ খর্ব কৰি ইয়াক হত্যা কৰিবলৈ অপচেষ্টা আৰু ষড়যন্ত্র কৰিছে বুলি অভিহিত কৰিছে।

Apply Now

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে গণতান্ত্রিক শাসন ব্যৱস্থাৰ অধীনৰ সংসদীয় ৰাজনীতিত এক দায়িত্বশীল বিৰোধী দল হিচাবে ৰাজহুৱা ধনৰ সৎ ব্যৱহাৰ আৰু দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত প্ৰতিটো বিষয়তে শাসকীয় পক্ষ অৰ্থাৎ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচৰা আৰু যেতিয়া চৰকাৰে জনমতক আওকাণ কৰে তেতিয়া ইয়াৰ বিৰুদ্ধে ৰাইজৰ হৈ প্ৰতিবাদ কৰাটো অন্যতম প্রধান দায়িত্ব।

‘’নিখিল ভাৰত কংগ্রেছ কমিটিৰ নিৰ্দেশ অনুসৰি প্ৰদেশ কংগ্রেছৰ সভাপতি হিচাবে ৰিপুণ বৰা ডাঙৰীয়াইও অতি দায়ৱদ্ধতাৰে, নিষ্ঠাৰে, বিৰোধী দলৰ ভূমিকা পালন কৰিছে।গণতান্ত্রিক প্ৰমূল্যবোধৰ হকে গণতান্ত্রিক অধিকাৰ সমূহ নিষ্ঠাৰে কংগ্রেছ দলে পালন কৰি যাব । কোনো পুঁজিপতি গোষ্ঠীৰ সকীয়নিত শতবৰ্ষ গৰকা কংগ্রেছ দলে শিৰনত নকৰে,’’-বিবৃতিটোত কোৱা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে ‘’চৰকাৰী পক্ষ আৰু পুঁজিপতি গোষ্ঠীয়ে যিমানেই সকীয়নি নিদিয়ক কিয় বা হেঁচা প্রয়োগ নকৰক কিয়, কংগ্রেছ দলে সৰ্বসাধাৰণ ৰাইজৰ স্বার্থত সদায়ে মাত মাতি যাব। অচ্ছে দিনৰ প্ৰতিশ্ৰুতিৰে কেন্দ্রত চৰকাৰ গঠন কৰা মোডী চৰকাৰ আৰু পৰিৱর্তনৰ প্ৰতিশ্ৰুতিৰে অসমত চৰকাৰ গঠন কৰা সোণোৱাল চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি পূৰণৰ হিচাপ বিচাৰি তথা জনবিৰোধী পদক্ষেপসমূহৰ বিৰুদ্ধে সজোৰে মাত মাতি যাব। কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ অসমবাসীক কৰা বিশ্বাসঘাতকতা, ভুৱা প্ৰতিশ্ৰুতি আৰু মিথ্যাচাৰসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ প্ৰদেশ কংগ্রেছে দুগুণ উৎসাহেৰে কাম কৰি যাব।

কোঁৱৰে বিবৃতিটোত লগতে জানিবলৈ দিয়ে যে প্ৰদেশ কংগ্রেছে ইতিমধ্যে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে “বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক “শীর্ষক এলানি কায্যসূচী গ্ৰহণ কৰিছে। প্ৰথম পৰ্য্যায়ৰ এইলানি কাৰ্য্যসূচীত ৰাইজৰ ব্যাপক সঁহাৰি পোৱা গৈছে। এই কাৰ্য্যসূচীৰ দ্বিতীয়লানি সভা অহা ২২ ছেপ্টেম্বৰৰ পৰা তত্বাৱধায়ক শ্ৰীযুত হৰিশ ৰাৱটৰ উপস্থিতিত পুনৰ আৰম্ভ কৰা হ’ব।

প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিবলগীয়া এই কাৰ্যসূচী অনুসৰি অহা ২৩ ছেপ্টেম্বৰত নলবাৰীত, ২৫ ছেপ্টেম্বৰত চৰাইদেউত, ২৬ ছেপ্টেম্বৰত শিৱসাগৰত, ২৭ ছেপ্টেম্বৰত যোৰহাটত, ২৮ ছেপ্টেম্বৰত গোলাঘাটত “বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক “শীর্ষক কায্যসূচী অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd