গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ স্বাস্থ্য বিভাগ।
সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই।
মন্ত্ৰীগৰাকীৰ মতে “ব্যক্তিগত চিকিৎসালয়ে ভুল কাম কৰি আছে। ব্যক্তিগত চিকিৎসালয়ে কোভিড-১৯ পজিটিভ হ’লে ভুল তথ্য দি জি এম চি এইচলৈ পঠাই দিয়ে।”
“ক’ৰ’না ৰোগীৰ সৈতে কোনো ব্যক্তিগত চিকিৎসালয়ে হেমাহি কৰিব নোৱাৰিব। বহু ব্যক্তিগত চিকিৎসালয়ে নিশা জি এম চি এইছত ক’ৰ’না ৰোগীক পেলাই থৈ যায়। তেনে কৰিব নোৱাৰিব। প্ৰয়োজনীয় সকলো তথ্য দিব লাগিব ব্যক্তিগত চিকিৎসালয়ে।” ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ এইদৰে কয় হাজৰিকাই।
ইপিনে, ব্যক্তিগত চিকিৎসালয় সমূহে নিশা এনেধৰণৰ কাম কৰিলে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দি মন্ত্ৰীয়ে কয়, “তেওঁলোকৰ বিৰুদ্ধে ভঙাগড় থানাত গোচৰ দিয়া হব।”
প্ৰয়োজন সাপক্ষে অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি হুংকাৰ দি লগতে কয় “টকা দিব নোৱাৰাসকলক ব্যক্তিগত চিকিৎসালয়ে বাহিৰত পেলাই থৈ যায়। আজিৰ পৰা সদায় নিশা চাদেন ভিজিট কৰি চোৱা হব।”