‘মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাবে ঘৰুৱা জাৱৰৰ টোপোলা পেলায়’

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জোনালীৰ পৰা ভৰলুমুখলৈ ভৰলু নদীৰ পাৰত কিছুমান ঠাইত গোপনে কেমেৰা সংস্থাপন কৰিছিলে। এই কেমেৰাসমূহে প্ৰায় ৭০০ খনমান ফটো তুলিছিল। পিছত এই ফটো বিলাক অধ্যয়ন কৰি আমি আচৰিত হৈছিলোঁ যে মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়াভাবে ঘৰুৱা জাৱৰ ৰ টোপোলা পেলায়। এই উদ্বেগজনক ভাষ্য অসম প্ৰদূষন  নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰৰ।

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম উদ্যোগত আৰু কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সহযোগত গ্ৰীণ একচন উইক -২০২২ শীৰ্ষক এক ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়।

লগতে পঢ়ক: ‘মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিল’: কংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক

এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ মিশ্ৰই কয় যে সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন লোক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন হব লাগিব। বেৰিয়াম নাইট্ৰেটৰ দৰে ক্ষতিকাৰক ৰাসায়নিকেৰে প্ৰস্তুত কৰা প্ৰচলিত ফটকাৰ পৰা সৃষ্টি হোৱা ভয়াবহ প্ৰদূষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ নিৰ্দেশৰ ভিত্তিত অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদে দিপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ ক্ষেত্ৰত কিছুমান দিৰ্দেশনা জাৰি কৰিছে।

অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সঞ্চালক জৰ্জ ছেৰিয়ানে কয় – ২০১৯ চনত সমগ্ৰ বিশ্বত ৫৩.৬ মিলিয়ন মেট্ৰিক টন ই-আৱৰ্জনাৰ সৃষ্টি হৈছিল। এছিয়া মহাদেশত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ২৪.৯ মেট্ৰিক টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। আমেৰিকা আৰু চীন দেশৰ পিছত ভাৰতত ৩.২ মেট্ৰিক টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব।

লগতে পঢ়ক: অৰুণাচলত পুনৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ: অব্যাহত উদ্ধাৰ অভিযান

অনুষ্ঠানটোৰ আঁতধৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যকে সামগ্ৰী ভাগ বিতৰণৰ অভ্যাস গঢ়ি তুলি প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লবলৈ আহ্বান জনায়।

ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা খনত অসম চৰকাৰৰ কৃষি বিভাগৰ উপ সঞ্চালক খগেন্দ্ৰ শর্মা, অসম ৰাজ্যিক জৈৱ বৈচিত্রতা বৰ্ড বৈজ্ঞানিক বিষয়া ডঃ ওইনাম সুনন্দা দেৱী, এছটেকৰ প্ৰগ্ৰাম বিষয়া ডঃ মনিশা শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ আগবঢ়ায়।

অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামাজিক অনুষ্ঠান, বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্র-ছাত্ৰী, কৃষি, পৌৰ আৰু বন বিভাগৰ বিষয়া, সংবাদ কৰ্মী উপস্থিত থাকে।

লগতে পঢ়ক: ভুল হেলমেট পৰিধানৰ শাস্তি: ট্ৰেফিক আৰক্ষীয়ে বিহিলে ট্ৰেফিক আৰক্ষীক জৰিমনা!

উল্লেখ্য যে কাটছ ইন্টাৰনেচনেলৰ সহযোগত অসমত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামকে ধৰি দেশৰ ১৪ খন ৰাজ্যৰ ১৪ টা সামাজিক সংগঠনে গ্ৰীণ একচন উইক -২০২২ ৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে।