• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘যৌন নিৰ্যাতনৰ অভিযোগকাৰী মহিলাৰ বক্তব্য বেদবাক্য নহয়’-কেৰালা উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 2:40 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ কৰে বুলিয়েই সেইটো বেদবাক্য বুলি নাভাবিব। কেৰালা উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত আৰক্ষীক সকীয়াই দিছে। আদালতে অভিযুক্তৰ বক্তব্যকো উপযুক্ত গুৰুত্ব দিবলৈ কয়। বিশেষকৈ অভিযোগকাৰী মহিলা হ’লে কেৱল অভিযোগকাৰীৰ বক্তব্যৰ ভিত্তিত যৌন নিৰ্যাতনৰ গোচৰৰ একপক্ষীয় তদন্ত নকৰিবলৈ কেৰালা উচ্চ ন্যায়ালয়ে আৰক্ষীক সকীয়াই দিছে।

ঘটনা অনুসৰি, এটা কোম্পানীৰ এজন কৰ্মচাৰীয়ে এগৰাকী মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কোম্পানীটোৰ এজন ৫৭ বছৰীয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আইনী বাতৰিৰ বিশ্বাসযোগ্য ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ত প্ৰকাশিত তথ্য অনুসৰি অভিযুক্তই তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰা হৈছে বুলি দাবী কৰিছে। তেওঁ জামিনৰ আবেদন লৈ কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই গোচৰটো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি ভি কুঁহিকৃষ্ণনৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন হয়। শুনানিৰ সময়ত ন্যায়াধীশৰ পৰ্যবেক্ষণ আছিল যে কেৱল মহিলাগৰাকীৰ বক্তব্যক সত্য বুলি গণ্য কৰিব নোৱাৰি। তদন্তকাৰীয়ে অভিযোগকাৰী আৰু অভিযুক্ত উভয়ৰে দাবী পৰীক্ষা কৰিব লাগিব। যদি একপক্ষীয় বক্তব্যৰ ভিত্তিত তদন্ত কৰা হয় তেন্তে ইয়াৰ ভুল প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত অভিযুক্তৰ সন্মান আৰু মৰ্যাদাৰ অপূৰণীয় ক্ষতিও হোৱা বুলি আদালতে কয়।

Apply Now

ন্যায়াধীশগৰাকীয়ে লগতে কয় যে, যদিহে তদন্তত মহিলাগৰাকীয়ে ভুৱা অভিযোগ উত্থাপন কৰিছে তেন্তে অভিযোগকাৰীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ তদন্তকাৰীৰ আছে। আদালতৰ মতে, মিছা অভিযোগৰ বাবে যদি কাৰোবাৰ সুনাম ক্ষতিগ্ৰস্ত হয়, তেন্তে কেৱল ধনেৰে ক্ষতিপূৰণ দিব নোৱাৰি। গতিকে তদন্তকাৰী বিষয়াসকলে দুয়োপক্ষৰ বক্তব্য সমান গুৰুত্বসহকাৰে বিবেচনা কৰাটো প্ৰয়োজন।

এই গোচৰত অভিযুক্তই দাবী কৰে যে মহিলাগৰাকীয়ে কাৰ্যালয়ত সঠিকভাৱে কৰ্তব্য পালন কৰিব নোৱাৰাৰ বাবেই তেওঁ মহিলাগৰাকীক কৰ্মৰ পৰা আঁতৰাই দিছিল। অভিযুক্তই দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ এই ‘ভুৱা গোচৰ’ দাখিল কৰা হৈছে। লগতে অভিযুক্তই আদালতত অডিঅ’ ৰেকৰ্ডিং দাখিল কৰে। অভিযুক্তই দাবী কৰিছে যে মহিলাগৰাকীয়ে তাত তেওঁক ভাবুকি দিছিল। ইয়াৰ সন্দৰ্ভত পূৰ্বে থানাত এজাহাৰ দাখিল কৰা হৈছিল। আৰক্ষীৰ অভিযোগৰ প্ৰতিলিপিও আদালতত দাখিল কৰে অভিযুক্তই। বাদী অধিবক্তাই দাবী কৰে যে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰাৰ পূৰ্বে আৰক্ষীয়ে পুৰণি অভিযোগৰ তদন্ত কৰা নাছিল। দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্তক জামিন মঞ্জুৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd