• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

MDoNER: ৰাজ্যৰ ক্ষমতা কৰ্তন; নেডফিৰ জৰিয়তে পুঁজি আগবঢ়াব ড’নাৰ মন্ত্ৰালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2022 12:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

MDoNER to provide funds through NEDFi  উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে (ড’নাৰ) প্ৰদান কৰা বৃহৎ পৰিমাণৰ পুঁজিৰ সঠিক ব্যৱহাৰৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহ ৰাজ্য চৰকাৰৰ জৰিয়তে চলি থকা ব্যৱস্থাৰ পৰিৱৰ্তে কেন্দ্ৰই উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেডৰ (নেডফি) জৰিয়তে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে।

নেডফিয়ে এতিয়া ছিকিমকে ধৰি উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে ড’নাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা শ্ৰেণী-২ (কেটেগুৰী-২)ৰ আঁচনিসমূহৰ ৰূপায়ণৰ পুঁজি যোগান ধৰাৰ লগতে ইয়াৰ নিৰীক্ষণো কৰিব।

লগতে পঢ়িব: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকালৈ পশ্চিমবংগ চিআইডিয়ে কিয় জাৰি কৰিলে চমন?

Apply Now

“কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত পুঁজি মুকলি কৰাৰ সন্দৰ্ভত ইয়াৰ পূৰ্বৰ সকলো আদেশ বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে ইয়াৰ কাৰ্যালয়ৰ ৯ মাৰ্চ, ২০২২ তাৰিখে মেম’ৰেণ্ডাম নং ১(১৮)/পিএফএমএছ/এফচিডি/২০২১ ৰ জৰিয়তে কেন্দ্ৰীয় আঁচনিৰ অধীনত পুঁজিৰ যোগান আৰু মুকলি কৰা পুঁজিৰ ব্যৱহাৰ নিৰীক্ষণৰ প্ৰক্ৰিয়াটো ১ এপ্ৰিল, ২০২২ ৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰিছে।” ড’নাৰ মন্ত্ৰালয়ৰ অৱৰ সচিব এন কে সাহাই (যাৰ প্ৰতিলিপি আঠখন ৰাজ্যৰ সকলো মুখ্য সচিবলৈ প্ৰেৰণ কৰা হৈছে), ২৩ জুনত এক জাননীত এইদৰে কয়।

জাননীখনত লগতে উল্লেখ কৰা হৈছে, “সেয়েহে, ২০১৭চনৰ সাধাৰণ বিত্তীয় নিয়মৰ বিধি ২৩২(৫) আৰু ২৩০(৭) অনুসৰি কেন্দ্ৰীয় নোডেল এজেন্সিৰ (চিএনএ)ৰ উপলব্ধ আঁচনিৰ বেলেন্স ফাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি ড’নাৰ মন্ত্ৰালয়ে আঁচনিৰ অধীনত পুঁজি মুকলি কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত কেন্দ্ৰীয় নোডেল এজেন্সিৰ একাউণ্টৰ জৰিয়তেহে প্ৰেৰণ কৰিব।‘’ 

লগতে পঢ়িব: বিজেপিৰ পষেকজোৰা ত্ৰিৰংগা পতাকা উত্তোলনৰ বিৰোধিতা অখিল গগৈৰ; পুনৰ কা-আন্দোলনৰ বাবে সাজু ৰাইজৰ দল

ড’নাৰ মন্ত্ৰালয়ে ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ আদেশ অনুসৰণ কৰি সকলো উদ্দেশ্যৰ বাবে তালিকাভুক্ত বাণিজ্যিক বেংকৰ জৰিয়তে মডেল-২ ৰূপায়ণৰ বাবে নেডফিক কেন্দ্ৰীয় নোডেল একাউণ্ট (চি এন এ.) হিচাপে মনোনীত কৰিছে।

এতিয়া, ড’নাৰ মন্ত্ৰালয়ৰ আঁচনি/পেকেজৰ অধীনত পুঁজিৰ যোগান মডেল-২-ৰ অধীনত পৰিচালনা কৰা হ’ব আৰু তালিকাভুক্ত বাণিজ্যিক বেংকৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব। সংশোধিত নিৰ্দেশনাৱলীৰ অধীনত মন্ত্ৰালয়ৰ দ্বাৰা চৰকাৰী ব্যৱসায় পৰিচালনা কৰাৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত তালিকাভুক্ত বাণিজ্যিক বেংকবোৰত প্ৰতিটো কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ বাবে নেডফিয়ে কেন্দ্ৰীয় নোডেল একাউণ্ট (চিএনএ) খুলিব লাগিব।

উপ-সংস্থা (ছাব এজেন্সি.) হিচাপে মনোনীত ৰূপায়ণ সংস্থাবোৰে সেই একাউণ্টৰ বাবে ধন মোকোলোৱাৰ নিৰ্ধাৰিত সীমা অনুসৰণ কৰি চিএনএ-ৰ একাউণ্ট ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে ৰূপায়নৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো আঁচনিৰ বাবে উপ সংস্থাসমূহৰ দ্বাৰা জিৰ’ বেলেন্স সহায়ক একাউণ্ট খোলা হ’ব।

লগতে পঢ়িব: BJP-JDU Rift: বিহাৰৰ ৰাজনীতিত আলোড়ন; বিজেপিৰে দূৰত্ব বৃদ্ধিৰ মাজতেই ছোনিয়া গান্ধীলৈ ফোন নীতিশ কুমাৰৰ

 ২০১৪ চনৰ পৰা ড’নাৰ মন্ত্ৰালয়ে মুকলি কৰা বৃহৎ সংখ্যক পুঁজিৰ বাবে ব্যৱহাৰিক প্ৰমাণপত্ৰ (ইউ চি) দাখিল নকৰাৰ বাবেই উত্তৰ-পূব অঞ্চলত কেন্দ্ৰীয় খণ্ডৰ পুঁজি ৰূপায়ণৰ বাবে এক নতুন প্ৰক্ৰিয়াৰ পথ প্ৰশস্ত হৈছে। ২০১৪-১৫ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈ ড’নাৰ মন্ত্ৰালয়ে অঞ্চলটোৰ আঠখন ৰাজ্যত ১,৩৫০ খন আঁচনি ৰূপায়ণৰ বাবে মুঠ ১৫,৮৬৭.০১ কোটি টকাৰ পুঁজি মুকলি কৰিছে।

তাৰ ভিতৰত যোৱা বিত্তীয় বৰ্ষৰ শেষত ৩,২১২.৯৯ কোটি টকাৰ ৩৪৫ টা প্ৰকল্প সম্পূৰ্ণ হৈছে। কিন্তু ৰাজ্য চৰকাৰে এতিয়াও ১২৬৫৪.০২ কোটি টকাৰ ১,০০৫ টা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ বাকী আছে।

ৰাজ্য চৰকাৰৰ এগৰাকী বিষয়াই এই সম্পৰ্কত কয়, “নতুন প্ৰক্ৰিয়াটোৱে কেন্দ্ৰীয় খণ্ডৰ আঁচনি ৰূপায়ণত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিত্তীয় ক্ষমতা হ্ৰাস কৰিব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদ  আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ দৰে ৰাজ্যিক সংস্থাসমূহে এতিয়া ৰাজ্য চৰকাৰৰ পুঁজিৰ বাহিৰে বাকী নেডফিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।”

লগতে পঢ়িব: Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

অৱশ্যে, নেডফিৰ এগৰাকী বিষয়াই এই প্ৰক্ৰিয়াটো ন্যায়সঙ্গত বুলি দাবী কৰাৰ লগতে নতুন ব্যৱস্থাটোৱে অঞ্চলটোত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd