NORTHEAST NOW (Assamese)

ফ্ৰী Wi-Fi কলিং কিদৰে কৰিব?

March 18, 2020 4:32 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

টেলিকম কোম্পানি এয়াৰটেলে সমগ্ৰ দেশতে ৱাই-ফাই কলিং সেৱা আৰম্ভ কৰিছে।

জম্মু-কাশ্মীৰৰ বাহিৰে দেশৰ বাকী সকলো অংশতে কোম্পানিটোৱে এই সেৱা আগবঢ়াইছে।

সম্পূৰ্ণ বিনামূলীয়া এই সেৱাৰ বাবে আপোনাক বিশেষ এপ বা আহিলাৰ প্ৰয়োজন নাই।

তলৰ চাৰিটা কাম কৰি আপুনি এয়াৰটেলৰ ৱাই-ফাই ভইচ কলিং আৰম্ভ কৰিব পাৰে।

  • আপোনাৰ ফোনটোৱে চাপ’ৰ্ট কৰেনে?

আপুনি airtel.in/wifi-calling ৱেবছাইটত গৈ আপোনাৰ ফোনটোৱে এই সেৱা চাপ’ৰ্ট কৰেনে নাই চাব পাৰে।

বৰ্তমান ১৬টা ব্ৰেণ্ডৰ ১০০টাতকৈয়ো অধিক ফোনে এই সেৱা চাপ’ৰ্ট কৰে।

  • অ’ এছ আপডেট কৰক—

আপোনাৰ ফোনৰ অপাৰেটিং ছিষ্টেম আপডেট কৰি ফোনটোত উপলব্ধ শেহতীয়াতম সুবিধাসমূহ ল’ব পাৰে। এই আপডেটত ৱাই-ফাই কলিং চাপ’ৰ্ট কৰাৰ সুবিধাও থাকিব পাৰে।

  • VoLTE অন ৰাখিব—

ফোনটোত VoLTE অন ৰাখিব। ইয়াক অন ৰখাৰ ফলত আপোনাৰ ফোনটো এয়াৰটেল ৱাই-ফাই কলিং আৰু VoLTEৰ মাজত চলি থাকিব।

  • ৱাই-ফাই কলিং অন কৰক—

ফোনৰ ছেটিঙত গৈ তাৰ পিছত ম’বাইল ডেটা, ছিম কাৰ্ড ছেটিঙলৈ যাওক আৰু এয়াৰটেল ছিম কাৰ্ড বাচনি কৰি ৱাই-ফাই কলিং অন কৰক।

Related News