নিৰ্বাচনী ফলাফল ঘোষণা চলি থকাৰ মাজতে শ্বেয়াৰ বজাৰত খহনীয়া; ক্ষতিৰ শীৰ্ষত আদানী বন্দৰ

শ্বেয়াৰ বজাৰত পতনৰ মাজতে আদানী গ্ৰুপৰ শ্বেয়াৰত খহনীয়া নামিছে। নিফটিৰ শীৰ্ষ পতনৰ ভিতৰত আদানী প’ৰ্টছ প্ৰায় ১৩ শতাংশ হ্ৰাসৰ সৈতে শীৰ্ষত আছে। আদানী এণ্টাৰপ্ৰাইজৰ ১২.৭১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ বাহিৰেও কোল ইণ্ডিয়া, এছ বি আই, এন টি পি চিত ৯ শতাংশতকৈ অধিক হ্ৰাস পাইছে। ৩৩০০ পইণ্টতকৈ অধিক হ্ৰাস পাই চেন্সেক্স ৭৩১৫৭.২০ স্তৰত আছে। আনহাতে, নিফটিত ৯৯৪ পইণ্টৰ লোকচান হৈছে। সেয়া ২২২৬৯ লৈ আহিছে।

ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰৰ ব্যাপক হ্ৰাস পাইছে। ইয়াৰ ১০ শতাংশ কমিছে। এতিয়া SBI ৮১৫.২৫ টকালৈ আহিছে। এন টি পি চিৰো চাৰ্কিট ১০ শতাংশ কমিছে। পাৱাৰ গ্ৰীডতো ৯.৮৩ শতাংশ হ্ৰাস পাইছে। ইণ্ডাছইণ্ড বেংকো ৯.১৯ শতাংশ হ্ৰাস পাইছে।

নিৰ্বাচনৰ ফলাফলৰ মাজতে শ্বেয়াৰ বজাৰত বৃহৎপতন দেখা গৈছে। ১১ বজাৰ ভিতৰত চেন্সেক্স ৪০০০ পইণ্টতকৈ অধিক হ্ৰাস পাইছে। বিশেষ কথাটো হ’ল চৰকাৰী শ্বেয়াৰ যিবোৰে গতি লাভ কৰি আছিল সেই শ্বেয়াৰবোৰেই আটাইতকৈ বেছি হ্ৰাই পোৱা দেখা গৈছে।

নিৰ্বাচনৰ ফলাফলৰ মাজতে শ্বেয়াৰ বজাৰত বৃহৎ খহনীয়া দেখা গৈছে। পুৱা ১১ বজালৈকে ৩১০০ পইণ্টতকৈ অধিক হ্ৰাস পাইছে চেন্সেক্স। বিশেষ কথাটো হ’ল চৰকাৰী শ্বেয়াৰবোৰেই আটাইতকৈ বেছি  ক্ষতি দেখা গৈছে। এছ বি আই, এল আই চি আৰু এইচ এ এলৰ লগতে ৰেলৱেৰ শ্বেয়াৰত বৃহৎ খহনীয়া দেখা গৈছে। ১১ বজাৰ ভিতৰত চেন্সেক্স ৪০০০ পইণ্টতকৈ অধিক হ্ৰাস পাইছে।