NORTHEAST NOW (Assamese)

বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত ড° অকণ চন্দ্ৰ শইকীয়ালৈ ‘সত্ৰজ্যোতি সন্মান-২০২১’

April 4, 2021 6:10 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান মুদৈজান কমলাবাৰী সঙ্গীত মহাবিদ্যালয়ে প্ৰতিষ্ঠাৰ কুৰিটা বছৰ অতিক্ৰম কৰিলে ।

প্ৰতিবছৰৰ দৰে এইবাৰো  ইয়াৰ একবিংশ সংখ্যক প্ৰতিস্থা দিৱস দিনযোৱা কাৰ্যসূচীৰে  পালন কৰা হয় ।

পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ ভূঞাই পতাকা উত্তোলন কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ নৃত্য বিভাগৰ শিক্ষয়িত্ৰী ৰিংকুমণি মহন্তৰ পৰিচালনাত ছাত্ৰ -ছাত্ৰী সকলে নৃত্য গীত আৰু গায়ন-বায়ন প্ৰদৰ্শন কৰে ।

মৃণ্ময় বৰা আৰু যতীন্দ্ৰ মহন্তই আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয় খনে প্ৰতি দুবছৰৰ মূৰত প্ৰদান কৰি অহা  ‘সত্ৰজ্যোতি সন্মান’  এইবাৰ প্ৰদান কৰে  বিশিষ্ট শিক্ষাবিদ, সংস্কৃত পণ্ডিত তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অকণ চন্দ্ৰ শইকীয়াক ।

উল্লেখ্য যে সামাজিক, শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হয়। কমলাবাৰী শাখা সত্ৰৰ বুঢ়াভকত তথা সত্ৰীয়া শিল্পী উপেন বৰাই সত্ৰীয়া ৰীতি মতে ডঃ শইকীয়াক এই সন্মান প্ৰদান কৰে ।

এই সন্মানত আছে এটি স্মাৰক, জাপি, চেলেং গামোচা, অভিনন্দন পত্ৰ আৰু নগদ ধনৰ টোপোলা ।

সন্মান গ্ৰহণ কৰি বিশিষ্ট সংস্কৃত  পণ্ডিত গৰাকীয়ে উঠি অহা প্ৰজন্মক মুদৈজান কমলাবাৰী সঙ্গীত মহাবিদ্যালয়ে যি শিক্ষা প্ৰদান কৰিছে সেইয়া আমাৰ জাতিটো জীয়াই ৰখাৰ বাবে কৰা এক সুস্থ চিন্তা বুলি মন্তব্য কৰাৰ লগতে এই সন্মানে তেখেতক কৰ্মপ্ৰেৰণা যোগাব বুলিও কয়।

অনুষ্ঠানত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মন্টু কুমাৰ বৰা, ভাওনা সব্যসাচী কৃষ্ণ পদ কলিতা, সাংবাদিক ৰিজু কুমাৰ শইকীয়া, দিগন্ত হাজৰিকা, টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশিল কুমাৰ বৰা উপস্থিত থাকে ।

আজিৰ অনুষ্ঠানতে বিগত বৰ্ষৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰী ক্ৰমে তাপ্তি প্ৰিয়া দত্ত, বৰেণ্য বৰ্ণিল নেওগ, পদুন্য বৰুৱা আৰু হিমান্ত কলিতাক বঁটা প্ৰদান কৰে ।

Related News