NORTHEAST NOW (Assamese)

মধ্য প্ৰদেশত আজৱ ঘটনা! আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপনৰ দুদিন পাছতে চুৰি

March 14, 2025 12:06 pm · এন ই নাও নিউজ, গুৱাহাটী

সংবিধানৰ স্থপতি ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপনৰ দুদিনৰ ভিতৰতে মধ্যপ্ৰদেশত চুৰি হৈছে। স্থানীয় আৰক্ষীয়ে ইতিমধ্যে ছত্ৰপুৰ জিলাৰ এই ঘটনাত চুৰিৰ গোচৰ ৰুজু কৰিছে। তদন্তও আৰম্ভ কৰা হৈছে।

মঙলবাৰে বাৰি গাঁৱৰ মুকলি এলেকাত প্ৰতিমূৰ্তি স্থাপন কৰা হয়। যাৰ উচ্চতা আছিল ডেৰ ফুট। সেই মূৰ্তিটো চুৰি হৈছে। যাৰ বাবেই গাঁওবাসীৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে।

গৰি মালহাৰা থানা হৈছে ছাত্ৰপুৰ জিলা সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত এখন গাঁও। তাতেই ঘটিল চুৰি। অতিৰিক্ত আৰক্ষী অধীক্ষক বেদীতা ডাগৰে কয়, “বাৰী গাঁৱত ডাঃ আম্বেদকাৰৰ প্ৰতিমূৰ্তি চুৰি হোৱাৰ অভিযোগ আমি পাইছো। গোচৰ ৰুজু কৰা হৈছে আৰু শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব।”

লগতে তেওঁ কয় যে এই ঘটনাৰ আঁৰৰ কাৰণ আৰু কোন জড়িত আছে সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত কৰি আছে।

গাঁওবুঢ়া আশাৰাম আহিৰৱাৰে কয় যে গাঁওবাসীয়ে চান্দা সংগ্ৰহ কৰি উত্তৰ প্ৰদেশৰ পৰা প্ৰতিমূৰ্তিটো ক্ৰয় কৰিছিল। এই শিলৰ মূৰ্তিটো ১৮ ইঞ্চি ওখ।

Related News