দিল্লীৰ স্বৰূপনগৰত পথৰ কাষৰ এখন খেলপথাৰৰ পৰা উদ্ধাৰ হৈছে ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ মৃতদেহ। আৰক্ষীৰ মতে, কিশোৰীগৰাকীক গণধৰ্ষণ কৰাৰ পাছত ছুৰিৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল। মৃতদেহটো ইমানেই পচি গৈছিল আৰু ভয়ংকৰভাৱে ক্ষতবিক্ষত হৈছিল যে উদ্ধাৰৰ সময়ত প্ৰথমতে মৃতকৰ লিংগো নিশ্চিত কৰিব পৰা হোৱা নাছিল। পাছত চিকিৎসা পৰীক্ষাত ধৰ্ষণৰ প্ৰমাণ পোৱা যায়।
১৩ ছেপ্টেম্বৰৰ পুৱা স্বৰূপনগৰৰ কুশক ৰোডৰ কাষৰ এখন খেলপথাৰত কেইটামান পথকুকুৰে এটা মৃতদেহ টানি থকা দেখি স্থানীয় লোকৰ সন্দেহ হয়। খবৰ পোৱাৰ পাছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে দেখা পায় যে মৃতদেহটোৰ মুখমণ্ডল সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। শৰীৰৰ বিভিন্ন স্থানত ছুৰিৰ আঘাতৰ চিন আছিল। এটা হাত শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰি আছিল আৰু মৃতদেহৰ কিছু অংশ পথৰ কুকুৰে খাই পেলাইছিল।
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, কিশোৰীগৰাকীক ১১ ছেপ্টেম্বৰত হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পাছতো পৰিয়ালে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাছিল। পৰিয়ালৰ লোকৰ মতে, তেওঁ মাজে সময়ে ঘৰৰ পৰা ওলাই গৈ কেইবাদিনো পাছত উভতি আহিছিল। সেইবাবেই এইবাৰো তেওঁ উভতি আহিব বুলি পৰিয়ালে ভাবিছিল।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে কিশোৰীগৰাকীয়ে অভিযুক্ত চাৰিওজনক চিনিছিল। ঘটনাৰ দিনাও তেওঁলোকৰ সৈতে এখন টেম্পুত উঠি যাতায়াত কৰিছিল। অভিযুক্তসকলৰ বয়স ১৬ৰ পৰা ১৯ বছৰৰ ভিতৰত। ইয়াৰে তিনিজন নাবালক বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছত চাৰিওজনকে আৰক্ষীয়ে আটক কৰিছে। ভাৰতীয় ন্যায় সংহিতা আৰু পকচো আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
প্ৰথম অৱস্থাত ঘটনাৰ কোনো প্ৰত্যক্ষদৰ্শী নাছিল আৰু অভিযুক্তসকলৰ পৰিচয়ো আৰক্ষীৰ হাতত নাছিল। সেয়ে তদন্তকাৰীসকলে স্বৰূপনগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৫০টাতকৈ অধিক চিচিটিভি কেমেৰাৰ দৃশ্য পৰীক্ষা কৰে। তদন্তৰ মাজতে ঘটনাৰ সময়ছোৱাত এখন টেম্পু সেই অঞ্চললৈ অহা-যোৱা কৰা দেখা যায়। কিন্তু আন্ধাৰৰ বাবে টেম্পুখনৰ নম্বৰ স্পষ্টকৈ দেখা পোৱা নাছিল। তাৰ পাছত বিভিন্ন ঠাইৰ চিচিটিভিৰ দৃশ্য একেলগে মিলাই টেম্পুখনৰ যাত্ৰাপথ অনুসৰণ কৰে আৰক্ষীয়ে।
১৫ আৰু ১৬ ছেপ্টেম্বৰৰ মাজৰ নিশা চলোৱা অভিযানত অৱশেষত সেই টেম্পুখন চিনাক্ত কৰা হয়। টেম্পু চালকক জেৰা কৰাৰ পাছতেই তদন্তে গুৰুত্বপূৰ্ণ দিশ লাভ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে অভিযুক্তসকলৰ সন্ধানত অভিযান চলাই চাৰিওজনক আৰক্ষীৰ জিম্মালৈ অনা হয়।
আৰক্ষীৰ মতে, অভিযুক্তসকলৰ ভিতৰত প্ৰাপ্তবয়স্কজনৰ নাম শিৱম ওৰফে সুদামা ওৰফে চুচু। তেওঁ খাড্ডা কলনীত বাস কৰে। আন তিনিজন ১৮ বছৰৰ তলৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। তেওঁলোকৰ সম্পূৰ্ণ ঠিকনা আৰু আন তথ্য সংগ্ৰহৰ কাম চলি আছে।
তদন্তৰ সময়ত আৰক্ষীয়ে ঘটনাত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা দুখন ছুৰি, অভিযুক্তসকলে পিন্ধি থকা কাপোৰ আৰু টেম্পুখনো উদ্ধাৰ কৰিছে। চিচিটিভিৰ দৃশ্য, টেম্পু চালকৰ জেৰা আৰু উদ্ধাৰ কৰা সামগ্ৰীৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ যোগসূত্ৰ উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে।





