NORTHEAST NOW (Assamese)

চেলফি উঠিবলৈ গৈ চিমেন নদীৰ পানীত পৰি কৰুণ মৃত্যুক সাৱটি ল’লে ডিব্ৰুগড়ৰ ছাত্ৰই

July 14, 2024 1:07 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শুকুৰবাৰে সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

ধেমাজি জিলাত অৱস্থিত চিমেন নদীত পৰি মৃত্যুক আকোৱালি লয় এজন ছাত্ৰই।

জানিব পৰা মতে, বন্ধু-বান্ধৱীৰ সৈতে নদীৰ পাৰত চেলফি উঠিবলৈ যোৱা ছাত্ৰজন নদীত পৰি যায়।

অজিতেশ হাজৰিকা নামৰ নিৰুদ্দেশ ছাত্ৰজনৰ ঘৰ ডিব্ৰুগড়ত বুলি জানিব পৰা গৈছে।

জ্ঞান বিজ্ঞান বিদ্যালয়ৰ ছাত্ৰ হাজৰিকাই ৬জন বন্ধুৰ সৈতে ধেমাজি জিলাৰ মুৰকংচেলেকলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ পিছত তেওঁৰ বন্ধুসকলে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে (এছডিআৰএফ) মৃতদেহ বিচাৰি অনুসন্ধান অভিযান আৰম্ভ কৰে।

Related News